বিৰতি নোলোৱাকৈ ইখনৰ পিছত সিখন অসমীয়া ছবিয়ে মুক্তিৰ দিশে ঢাপলি মেলিছে। অসমীয়া ছবিৰ এই নতুন সুৰুযে যেন পোহৰাই পেলাইছে সকলোকে। ছবিগৃহত হিন্দী ছবিৰ সমান্তৰালকৈ চলিছে অসমীয়া ছবিও। অকল ছবিগৃহত চলাই নহয়; সুফলো লাভ কৰিছে ছবিসমূহে।

য’ত ৰবি শৰ্মাৰ “ৰঘুপতি” ৰ শ্বুটিঙৰ খবৰে আকৌ এবাৰ অসমীয়া দৰ্শকক উৎসাহিত কৰি তুলিছে; ঠিক তেনেদৰে পুনৰ এখন নতুন ছবি “পৰিক্ৰমা” ই মুক্তিৰ যো-জা চলাইছে।

ভূত-বৰ্তমান-ভৱিষ্যতৰ সংলগ্নতাৰে তথা এটি সুন্দৰ প্ৰেম কাহিনীৰ পটভূমিত নিৰ্মিত কৰা হৈছে ছবি “পৰিক্ৰমা”। ইয়াৰ উপৰিও, ছবিখনত ৮০ দশকৰ মাজুলীৰ বিভিন্ন দৃশ্যও উপভোগ কৰিব পাৰিব দৰ্শকে। সৰল অথচ এক ব্যতিক্ৰমী প্ৰেম কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা ৱ’ৱেচিচ তালুকদাৰৰ।

ভাগ্য-বিধাতাৰ সৈতে জড়িত জীৱনৰ কিছু ৰোমাঞ্চকৰ কাহিনী সন্নিৱিষ্ট “পৰিক্ৰমা” ত অভিনয় কৰিছে কপিল বৰা, আলিস্মিতা গোস্বামী, বিষ্ণু খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, উপকূল বৰদলৈ, অৰুণ নাথ,বিচিত্ৰ বৰুৱা, নৱজিৎ কোঁৱৰ আৰু আভা দিহিঙীয়াই। “পৰিক্ৰমা” ৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ।
Add comment