ষষ্ঠ শ্ৰেণীৰ পৰাই নেশ্বনেল কেডেট কৰ্পছ; চমুকৈ এন.চি.চি ৰ সৈতে জড়িত হোৱাৰ লগতে বস্কিং, কাবাডী, ক্ৰিকেট আদি খেলত পাকৈত “বেহাৰবাৰী আউটপোষ্ট” ৰ বাইলুঙক তেওঁৰ জন্মদিনৰ অশেষ শুভকামনা জ্ঞাপন কৰিছে ৰূপালীপৰ্দাৰ সমূহ কৰ্মকতাই।

ৰেঙণিত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” ৰ “বাইলুঙ” চৰিত্ৰটোৰে দৰ্শকৰ হৃদয় জিনা অভিনেত্ৰী চুমকি কছাৰীৰ বৰ্তমান অসমৰ প্ৰত্যেকটো চুকত আছে অনুৰাগী। গোলাঘাটৰ জীয়ৰী চুমকি অভিনয় নহয়; সৰুৰ পৰা আকৰ্ষিত হৈছিল খেলৰ প্ৰতিহে। পিছলৈ নাটকৰ সৈতে জড়িত হৈ পৰা এই গৰাকী অভিনেত্ৰীক “বেহাৰবাৰী আউটপোষ্ট” শীৰ্ষক ধাৰাবাহিকখনে দিলে এক নতুন চিনাকী।

অভিনেত্ৰী গৰাকীৰ সুন্দৰ কমেডীৰ টাইমিঙে ধাৰাবাহিক খন আৰু অধিক মনোগ্ৰাহী কৰি তোলে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অসমীয়া শিল্পী জগতৰ এই গৰাকী জনপ্ৰিয় অভিনেত্ৰীক পুনৰ বাৰ জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কাম কৰিছো।
Add comment