অসমীয়াৰ বাপতি সাহোন “বিহু” ক লৈ উৎসাহী হৈ থাকে প্ৰত্যেকজন অসমীয়া। বহাগ, মাঘ তথা কাতি বিহুৰ সম্পূৰ্ণ যো-জা কৰাত ব্যস্ত হৈ থাকে সকলো। গাওঁ সমূহকে ধৰি চহৰ অঞ্চলতো এই বিহুৰ প্ৰস্তুতিত কোনোধৰণৰ কম নকৰে অসমীয়াই। আগন্তুক কাতি বিহুৰ প্ৰস্তুতিত সাধাৰণ অসমীয়া ৰাইজৰ লগতে ব্যস্ত হৈ পৰিছে এগৰাকী অসমীয়া অভিনেত্ৰী।

অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী আইমীয়ে নিজ জীয়ৰীৰ সৈতে মিলি কাতি বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। জীয়ৰীৰ সৈতে তুলসী গছৰ তল মাটিৰে মছি ; তাত কাতি বিহুৰ এফাঁকি গীত গুণগুনাইছে অভিনেত্ৰী আইমীয়ে।

আঢ়ৈ বছৰীয়া আইমীৰ জীয়ৰীয়েও মাতৃক বিহুটিক আদৰাত সম্পূৰ্ণ সহায় কৰিছে। তলত চাওঁক এই ভিডিঅ’টিঃ
Add comment