গ্ৰীণ টপ-ব্লু জিন্সেৰে আকৌ এবাৰ যুৱপ্ৰজন্মৰ হৃদয়ত তোলপাৰ লগাবলৈ সক্ষম হৈ পৰিছে দীপলিনা ডেকা। অসমীয়া গায়িকা ও অভিনেত্ৰী দীপলিনাক তেওঁৰ অভিনয়ৰ সময়ছোৱাত বা কোনো অনুষ্ঠানত প্ৰায়ে মেখেলা ছাদৰ অথবা কূৰ্তা বা ছুৰিদাৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়।

গতিকে তেনেক্ষেত্ৰত, দীপলিনাই পৰিধান কৰা ওৱেষ্টাৰ্ন সাজপাৰে আৰু অধিক দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈ পৰে। ইনষ্টাগ্ৰাম যোগে আপলোড কৰা দীপলিনাৰ কেইখনমান ফটোত এতিয়া তেওঁৰ অনুৰাগীৰ কমেন্টে ভিৰ লগাইছে।


আপোনালোকক জনাই থওঁ যে, অতি কম সময়ৰ ভিতৰতে মুক্তি পাব দীপলিনাৰ কন্ঠত “ৰং-বিৰং” শীৰ্ষক গীতটি। লগতে, “বকুল তলৰ আদালত” শীৰ্ষক ধাৰাবাহিকখনতো দেখিবলৈ পোৱা যাব দীপলিনাক।
Add comment