২০১৭ চনতেই বলীউডৰ প্ৰযোজক কৰণ জহৰে ঘোষণা কৰিছিল আয়ান মূখাৰ্জীৰ দ্বাৰা পৰিচালিত ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ। ২০১৮ চনৰ পৰা আৰম্ভ হোৱা ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্ছন, আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰে। প্ৰথমে বুল্গাৰিয়াত আৰম্ভ হোৱা “ব্ৰহ্মাস্ত্ৰ” ৰ শ্বুটিঙে পিছলৈ লণ্ডন, নিউৱৰ্ক, স্কটলেণ্ড আৰু ৱাৰানাসী আদি ঠাইত শ্বুটিং সম্পন্ন কৰে।


এইবাৰ ছবিখনৰ সমূহ কলা-কুশলী ১৫ দিনৰ বাবে ঢাপলি মেলিছ মনালীলৈ। ছবিখনত মনালীৰ এক গুৰুত্বপূৰ্ণ স্থান দেখুওৱা হ’ব য’ত “ব্ৰহ্মাস্ত্ৰ” ত ৰণৱীৰ কাপুৰৰ “শিৱা” ৰ চৰিত্ৰটোৱে নিজৰ চিনাকী লাভ কৰিব।
Add comment