Rupaliparda.com
সফলতা লাভ কৰাৰ পিছতো কিয় ক্ষোভ উজাৰিলে যতীন বৰাই? 1

সফলতা লাভ কৰাৰ পিছতো কিয় ক্ষোভ উজাৰিলে যতীন বৰাই?

“ৰত্নাকৰ” ৰ অভূতপূৰ্ব সফলতাৰ পিছতো যতীন বৰা অসমীয়া ৰাইজৰ প্ৰতি ক্ষোভিত হৈ পৰিল। গুৱাহাটীস্থিত গীতানগৰ থানাত নিজ পত্নী ও অভিনেত্ৰী তথা “ৰত্নাকৰ” ৰ প্ৰযোজক নৱনিতা শৰ্মা বৰাৰ সৈতে উপস্থিত হৈ এটি ফেচবুক লাইভ যোগে নিজৰ ক্ষোভ ব্যক্ত কৰে যতীন বৰা তথা পত্নীয়ে।

সফলতা লাভ কৰাৰ পিছতো কিয় ক্ষোভ উজাৰিলে যতীন বৰাই? 2


ছবিখনৰ প্ৰচাৰ যোগে কেইবাবাৰো কলা-কুশলীয়ে আৱেদন কৰিছিল যে কোনো ৰাইজে চিত্ৰগৃহত “ৰত্নাকৰ” উপভোগ কৰা সময়ছোৱাত যাতে ছবিখনৰ ভিডিঅ’ কোনো চচিয়েল মিডিয়াত আপলোড নকৰে। কিন্তু ইমান বোৰৰ পিছতো কোনো লোকে এনে কাম কৰাত অভিনেতা গৰাকী ক্ষোভিত হৈ আৰক্ষী থানাত উপস্থিত হৈ এফ.আই.আৰ দিবলৈ বাধ্য হৈ পৰে।

সফলতা লাভ কৰাৰ পিছতো কিয় ক্ষোভ উজাৰিলে যতীন বৰাই? 3


ৰূপালী পৰ্দাৰ সৈতে হোৱা চমু কথা-বতৰাত যতীন বৰাই উক্ত বিষয় সন্দৰ্ভত কয় যেঃ
“মই সঁচাকৈ বৰ আচৰিত হৈছো; মই নিজৰ গাঁঠিৰ ধন ভাঙি এখন অসমীয়া ছবি নিৰ্মাণ কৰিছিলো আৰু আমাৰ অসমীয়া মানুহেই এনেকুৱা এটা কাম কৰিছে। গতিকে মই এফ.আই.আৰ দিছো; এতিয়া আৰক্ষীয়ে যি কৰে কৰিব পাৰে। মই তাত একোৱে মাত নিদিওঁ। যিমান শাস্তি দিবলগীয়া আছে দিয়ক; এই শাস্তিয়ে পিছলৈ আদৰ্শ হৈ ৰ’ব।
চচিয়েল মিডিয়াই কিছুমান ক্ষেত্ৰত বেয়া প্ৰভাৱ পেলোৱা নিচিনাও মোৰ লাগিছে। আমাৰ ছবিখনৰ প্ৰচাৰৰ বাবে আমি চচিয়েল মিডিয়াকো ব্যৱহাৰ কৰিছিলো; কিন্তু ইয়াতেই এনেধৰণৰ বেআইনী কাম কৰাত মোৰ দুখো লাগিছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.