অসমীয়া এগৰাকীয়ে যিমানেই পাশ্চাত্যৰ ৰঙত ঢাল নাখাওঁক কিয়; অথবা যিমানেই অসমৰ বাহিৰত নাথাকক কিয়! তেওঁ কোনোদিনেই নিজৰ বাপতি সাহোন “বিহু” টিক পাহৰিব নোৱাৰে। অসমৰ লগতে মুম্বাইতো নিজৰ স্থিতি মজবুত কৰা পাপন অৰ্থাৎ অংগৰাগ মহন্তই নিজ সন্তানৰ লগত উদযাপন কৰিছে কাতি বিহু।

কাতি বিহুত প্ৰত্যেকজন অসমীয়াই তুলসী গছৰ তল চাফা কৰি চাকি জ্বলাই সেৱা অৰ্পণ কৰে। ঠিক তেনেদৰেই পাপনেও নিজৰ জী-পুত্ৰৰ সৈতে তুলসী গছত পানী ঢালি কাতি বিহু উদযাপন কৰিছে।
ইয়াৰ লগতে, অংগৰাগে “কাতি বিহু” ৰ কিছু কথা মনত পেলাই অসমীয়া ৰাইজক বিহুৰ শুভকামনাও জ্ঞাপন কৰে।
Add comment