Rupaliparda.com
১২০ খনৰো অধিক নাটকত অভিনীতঃ "নিৰোদ চৌধুৰী"- 1

১২০ খনৰো অধিক নাটকত অভিনীতঃ “নিৰোদ চৌধুৰী”-

তেজপুৰত জন্মগ্ৰহণ কৰা নিৰোদ চৌধুৰীয়ে অসমীয়া, বাংলা, হিন্দী নাটকত বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকক আমোদ প্ৰদান কৰি আহিছে। প্ৰায় ১২০ খনৰো অধিক নাটকত অভিনীত এই গৰাকী শিল্পীয়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ সৈতেও অভিনয় কৰিছে। অৰুণ নাথৰ এখন বিখ্যাত নাটক “নিবাৰণ ভট্টাচাৰ্য” ত অভিনয় কৰা নিৰোদ চৌধুৰীয়ে কাজিৰঙাৰ আশে পাশে থকা গাঁও বোৰলৈ গৈ ঐশ্বৰ্য্য কাকতিৰ পৰিচালনাত হোৱা বাটৰ নাট “সঞ্জীৱনী” ত অভিনয় কৰে।


নিৰোদ চৌধুৰী অভিনীত অসমীয়া ছবি কেইখন হ’ল ক্ৰমে “দূৰণিৰ ৰঙ”, “বহাগৰ দুপৰীয়া”, “ভাই ভাই”, “অতিক্ৰম” (বিজু ফুকন পৰিচালিত এই ছবি অসম্পূৰ্ণ), “যখিনী”, “বংশধৰ”, “উত্তৰকাল”, “সৰবজান”,আৰু “স্নেহবন্ধন”।


দেউতা, দাপোন, মলক, গুইন গুইন, দলঙৰ সিটো পাৰ নাই, সন্ধ্যাতৰা, বৰুৱাৰ সংসাৰ, ধন্য নৰ তনু ভাল, চক্ৰবেহু, আমাক পোহৰ লাগে আদিকে ধৰি মুঠ ২৩ খন ধাৰাবাহিকতো এই গৰাকী জনপ্ৰিয় অভিনেতা নিৰোদ চৌধুৰীয়ে অভিনয় কৰে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.