Rupaliparda.com
পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ 1

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ

২০০১ চনত নৱম শ্ৰেণীত অধ্যয়নৰত হৈ থকা অৱস্থাতেই নিজৰ অভিনয় জীৱনৰ পাতনি মেলা আইমী বৰুৱা বৰ্তমান সময়ৰ এগৰাকী অসমীয়া চলচিত্ৰ জগতৰ আটাইতকৈ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী। ছবি, মিউজিক ভিডিঅ’, ভিচিডি, ধাৰাবাহিক আদি সকলোতে ৰাজত্ব চলে আইমীৰ। এইগৰাকী অভিনেত্ৰীৰ আজি জন্মদিনৰ দিনাই ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো অশেষ শুভকামনা।

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ 2


আইমী বৰুৱাৰ জন্মদিন উপলক্ষে এক্সক্লুচিভলি আমি জানিব বিচাৰিছিলো অভিনেত্ৰী গৰাকীৰ মেক-আপ টিপৰ বিষয়ে। ৰূপালী পৰ্দাৰ লগত হোৱা কথা-বতৰাত অভিনেত্ৰীগৰাকীয়ে জনাইছিল যে-

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ 3


“মই সঁচা কথা ক’বলৈ গ’লে মোৰ বাবে মেকআপ নকৰাকৈ থকাটোৱে হৈছে ভাল মেক-আপ। আমাৰ অভিনেত্ৰীসকলৰ ছাল খনেটো উশাহ ল’বলৈও সময় নাপায়। গতিকে, মই যেতিয়াই শ্বুটিঙত নাথাকো; তেতিয়া মই প্ৰায় মেক-আপ নলগোৱাকৈয়ে থাকো। আৰু, ছাল খনক পুষ্টি দিবলৈ হ’লে আমি সদায় স্বাস্থ্যকৰ বস্তু খাব লাগিব; যদি ছালখনেই আমাৰ শুকান হৈ যায় তেতিয়া তাত কোনো মেক-আপ ভালদৰে নবহে। মই এইটো কোৱা নাই যে একেবাৰে ছালখন তেলীয়া হ’ব লাগিব; যিটো প্ৰয়োজনীয় সেইটো কিন্তু লাগিবই। মোৰ মেক-আপৰ প্ৰথটো টিপ বুলি ক’লে সেইটোৱে যে মই সদায় পুষ্টিকৰ খাদ্যৰ লগতে যথেষ্ট পানী খাওঁ। পানীটো কেৱল মোৰ দেহ আৰু চুলিৰ কাৰণেই নহয়; ই আমাৰ ছালখনৰ বাবেও উপকাৰী।”
ইয়াৰ লগতে অভিনেত্ৰী গৰাকীয়ে জনাই যে আইমীয়ে কোনো ধৰণৰ ডাইট ফ’ল নকৰে। দিনটোত তেওঁৰ খোৱাৰ বাবে কোনো নিৰ্দ্দিষ্ট নিয়মাৱলী নাই। অভিনেত্ৰী গৰাকীয়ে বৰ্তমানো সেই ককা-আইতাৰ দিনৰেই খোৱা বস্তু খায়; যেনে মাছৰ টেঙাত যথেষ্ট তেল, মছলা নথকা বাবে তেওঁৰ এনেধৰণৰ খাদ্য প্ৰিয়।
অভিনেত্ৰী গৰাকীয়ে আকৌ কয় যে, ” মেক- আপ লগোৱা আগতে মই মুখখনত মইশ্বাৰাইজাৰ ভালদৰে লগাই লওঁ যাতে মেক-আপ লগোৱা পিছত সেই মেক-আপখিনি বহু সময়লৈ ভালদৰে থাকে।”

https://www.instagram.com/p/B32iLFgFOj3/?utm_source=ig_web_copy_link

শেষত আকৌ এবাৰ অভিনেত্ৰী আইমী বৰুৱাক তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি জনাইছো জন্মদিনৰ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform