সমগ্ৰ দেশ বৰ্তমান ব্যস্ত হৈ পৰিছে চাৰিওকাষ দীপাৱলীৰ পোহৰেৰে পোহৰাই তোলাত। বলীউড চিলেব্ৰিটীও এই উৎসৱৰ মাজত নিজক নতুন ৰূপত সজাই তোলা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ ফটো সমূহৰ দ্বাৰাই। এনে সময়তে, বলীউডৰ কিং শ্বাহৰুখ খানে নিজ ইনষ্টাগ্ৰাম একাউন্টত এখন ফটো আপলোড কৰে; য’ত শ্বাহৰুখৰ লগতে তেওঁৰ পত্নী গৌৰী আৰু পুত্ৰ আবৰামে মূৰত ৰঙা তিলক লগায়।
উক্ত ফটোখনৰ সৈতেই কিং খানে তেওঁৰ অনুৰাগী সহিতে সকলো ভাৰতীয়ক দিপান্বিতাৰ শুভকামনা জনায়। কিন্তু, ফটোখন আপলোড হোৱাৰ পিছতেই বহুকেইগৰাকী লোকে তাত বিভিন্ন উপলুঙাসূচক মন্তব্য অৰ্থাৎ ট্ৰোল কৰে।
এনে উপলুঙাসূচক মন্তব্যৰ বিৰোধিতা কৰি শ্বাহৰুখৰ লগ দিয়ে বলীউড অভিনেত্ৰী শবানা আজমীয়ে। তেওঁ নিজ টুইটাৰত লিখে যে, “মই পঢ়ি আচৰিত যে, শ্বাহৰুখ খানে দিপাৱলীৰ শুভকামনা জনোৱা ফটোখনক লৈ ইমান কিয় খং কৰি আছে? ৰঙা তিলক লগোৱাত তেওঁক কিয় “মিছা মুছলমান” আখ্যা দিয়া হৈছে?? ইছলাম ইমান কমজুৰ নহয় যে ভাৰতীয় ইমান ধুনীয়া উৎসৱ এটাই ইয়াক নাশ কৰি দিব পাৰে।”

শবানা আজমীৰ এনে পোষ্টে বৰ্তমান বহু তথাকথিত ইছলাম ধৰ্মৰ লোকৰ মুখ বন্ধ কৰাত সক্ষম হৈ পৰিছে।
সংগৃহীতঃ https://khabar.ndtv.com/news/bollywood/shah-rukh-khan-photo-of-diwali-wishes-with-tilak-shabana-azmi-reacted-twitter-reaction-2123621
Add comment