ৰূপকমল হাজৰিকাৰ পৰিচালনাৰে ২৩৯ টা খণ্ডৰে ১৭ জুলাই ২০১৭ ৰ পৰা ২১ এপ্ৰিল ২০১৮ লৈ ৰং চেনেলত প্ৰচাৰিত হোৱা ধাৰাবাহিক “অৰ্ধাংগিনী” য়ে দৰ্শকৰ সমাদৰ লাভ কৰিছিল। ধাৰাবাহিকখনৰ এনে বৃহৎ সফলতাৰ বাবেই দৰ্শকৰ ওচৰত পুনৰাই সম্প্ৰচাৰ কৰা হৈছে “অৰ্ধাংগিনী”। প্ৰত্যেক সোমবাৰৰ পৰা শুকুৰবাৰলৈ দুপৰীয়া ২:৩০ বজাত সম্প্ৰচাৰিত ধাৰাবাহিক খনৰ কাহিনী নৱজ্যোতি বৰাৰ আৰু চিত্ৰনাট্য,সংলাপ ৰিণ্টুমণি লগতে স্মৃতা বৰাৰ।

দুজনী যঁজা ছোৱালীৰ জীৱন কাহিনীৰে আৰম্ভ হৈছে “অৰ্ধাংগিনী”। যঁজা ছোৱালী দুজনীৰ শৰীৰৰ গঠন,মাত,কথাত সাদৃশ্য থাকিলেও তেওঁলোকৰ মাজত থকা ব্যক্তিত্বৰ বৈসাদৃশ্যই ধাৰাবাহিকখনৰ কাহিনী আগবঢ়াই লৈ গৈছে। এজনীয়ে যদি পিতৃ-মাতৃৰ দুখ-কষ্টক শ্ৰদ্ধা কৰে, আনজনী আকৌ স্বাৰ্থপৰ; যি নিজৰ সুখৰ বাবেই আনৰ সুখ উচৰ্গা কৰিব পাৰে। নিজ বিয়াৰ দিনাখনেই ভনীয়েক পলাই যোৱাৰ ফলত আনজনীয়ে পিতৃ-মাতৃৰ লাজ বচাবলৈ বিয়াত বহে আৰু ভনীয়েকৰ স্বামীক নিজ স্বামী জ্ঞান কৰি সংসাৰৰ সকলো দায়িত্ব পালন কৰে। সেয়ে “অৰ্ধাংগিনী”।


ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত থকা প্ৰীতি কংকনাৰ সুন্দৰ অভিনয়ে ধাৰাবাহিক খন আৰু বেছি মনোগ্ৰাহী কৰি তুলিছে। ধাৰাবাহিকখনৰ আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত আছে অমিত কুমাৰ বৰুৱা,বীণা বাৰুৱতী, নীলা শইকীয়া, অপূৰ্ব গোস্বামী, দেৱজিৎ মজুমদাৰ, অপৰ্ণা দত্ত চৌধুৰী। দুই যঁজা ভনীয়েকৰ বৈসাদৃশ্য তথা জীৱন দৰ্শনৰ কাহিনীৰে নিৰ্মিত “অৰ্ধাংগিনী” হৈছে এখন সৰ্বাংগসুন্দৰ ধাৰাবাহিক। পূৰ্বতে ধাৰাবাহিকখন উপভোগ কৰিবলৈ নোপোৱা দৰ্শকৰ বাবেই এয়া হৈছে দ্বিতীয় সুযোগ।
Add comment