জনপ্ৰিয় গায়ক বেইজু বাৱৰৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ বাবে প্ৰস্তুত হৈ পৰিছে বলীউডৰ টপ পৰিচালক সঞ্জয় লীলা ভন্সালি। দীপাৱলীৰ এই পবিত্ৰ ক্ষণতেই পৰিচালক গৰাকীয়ে ঘোষণা কৰে তেওঁৰ আহিবলগীয়া ছবিৰ বিষয়ে। কিন্তু এইখিনিতে উল্লেখনীয় যে, সঞ্জয় লীলা ভন্সালিৰ এই ছবিখনে মুক্তি লাভ অহা দুবছৰ পিছত অৰ্থাৎ ২০২১ চনৰ দীপাৱলীত।

আৰু, উক্ত সময়ছোৱাতে মুক্তি লাভ কৰিব মাইথ’লজিকেল ছবি দীপিকা অভিনীত “মহাভাৰত”। একে দিনাই দুইখন ছবিৰ মুক্তিৰ খবৰে এতিয়া বলীউডত আৰম্ভ কৰিছে বু বু-বা বা।

মহাভাৰত ছবিখনত দীপিকাই “দ্ৰৌপদী”ৰ চৰিত্ৰ ৰূপায়ন কৰিব কিন্তু বৰ্তমানলৈ সঞ্জয় লীলা ভন্সালিৰ “বেইজু বাৱৰ” ত কোন থাকিব বা ইয়াৰ শ্বুটিং আৰম্ভ সম্বন্ধে কোনো ধৰণৰ স্পষ্টীকৰণ বৰ্তমানলৈও অহা নাই।
Add comment