Rupaliparda.com
ৰেঙণিত সংযোজন নতুন ধাৰাবাহিক "সাগৰিকা"- 1

ৰেঙণিত সংযোজন নতুন ধাৰাবাহিক “সাগৰিকা”-

কংকন ৰাজখোৱাৰ পৰিচালনাৰে তথা তপন ডেকাৰ কাহিনীৰে নিৰ্মিত “সাগৰিকা” শীৰ্ষক ধাৰাবাহিকখন আহি আছে আপোনালোকৰ মাজলৈ। চলিত বৰ্ষৰ ৪ নৱেম্বৰৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭.৩০ বজাত ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত কৰা হ’ব উক্ত ধাৰাবাহিকখন।

ৰেঙণিত সংযোজন নতুন ধাৰাবাহিক "সাগৰিকা"- 2


এগৰাকী গাঁৱৰ সহজ-সৰল ছোৱালীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ধাৰাবাহিক খনৰ কাহিনীভাগ। পৰিয়ালৰ হেঁচাত পৰি নিজতকৈ বহুগুণে ডাঙৰ এজন পুৰুষৰ সৈতে বৈবাহিক সম্পৰ্কত বান্ধ খাই পৰে “সাগৰিকা” ধাৰাবাহিকখনৰ মূল চৰিত্ৰটি। গাঁৱত থকা তাইৰ প্ৰেমিক আৰু বৈবাহিক সম্পৰ্কৰ মাজত ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰটি কেনেদৰে মেৰপাঁক খাই পৰে তাকেই দেখুওৱা হ’ব “সাগৰিকা” ত।

ৰেঙণিত সংযোজন নতুন ধাৰাবাহিক "সাগৰিকা"- 3


ধাৰাবাহিকখনত মূল চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিক লগতে ধ্ৰুৱ দাস আৰু হিমাংশুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.