অচিন্ত শংকৰৰ পৰিচালনাৰে অসমীয়া চলচিত্ৰ জগতলৈ আহি আছে এখন ন-ছবি “প্ৰতিঘাত”। মুক্তিৰ পূৰ্বেই ছবিখনে দৰ্শকৰ হৃদয়ত নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈ পৰিছে। ছবিখনৰ পোষ্টাৰত সন্নিৱিষ্ট সংলাপে ইতিমধ্যে দৰ্শকক ছবিখনৰ প্ৰতি উৎসাহী কৰি তুলিছে।


২৯ অক্টোবৰ তাৰিখে গুৱাহাটীস্থিত শ্ৰদ্ধাঞ্জলী কাননত মুকলি কৰা হ’ব “প্ৰতিঘাত” ৰ পোষ্টাৰ তথা সংগীতৰ। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান খনত উপস্থিত থাকিব ছবিখনৰ সমূহ কলা-কুশলী লগতে ছবিখনৰ সংগীতত কন্ঠদান কৰা জুবিন গাৰ্গ, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু ৰাহুল দেৱ নাঁম।
অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াৰ অভিনয়ৰে নিৰ্মিত কৰা হৈছে এই ছবিখন।
Add comment