Rupaliparda.com
পূৰ্বতে নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব বৰষা ৰাণী বিষয়াইঃ 1

পূৰ্বতে নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব বৰষা ৰাণী বিষয়াইঃ

“ৰত্নাকৰ” ত কৰা অভিনয়ৰ যোগেৰে আকৌ অসমীয়া দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী বৰষা ৰাণী পুনৰ বাৰ ব্যস্ত পৰিছে তেওঁৰ আগন্তুক ছবিৰ শ্বুটিঙত। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঘটনা-পৰিঘটনাৰে নিৰ্মিত ছবি “গুৱাহাটী ডায়েৰীজ” ত দেখিবলৈ পোৱা যাব বৰষা ৰাণী বিষয়াক।

পূৰ্বতে নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব বৰষা ৰাণী বিষয়াইঃ 2


প্ৰশান্ত শইকীয়াৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বৰষা ৰাণীয়ে পূৰ্বতে কেতিয়াও নকৰা এটা চৰিত্ৰ ৰূপায়ন কৰিব আৰু এই কথাৰ প্ৰমাণ তেওঁ নিজেই কৰা পোষ্ট যোগে দৰ্শকক জানিবলৈ দিয়ে।

https://www.instagram.com/p/B4LH1GaBTSE/?utm_source=ig_web_copy_link


ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি হোৱাৰ লগতে ছবিখনৰ শ্বুটিঙো কেইবাদিনৰ আগৰ পৰাই আৰম্ভ হৈ পৰিছে। ছবিখনত বৰষা ৰাণী বিষয়াৰ লগতে অভিনয় কৰিছে উৰ্মিলা মহন্ত, উদয়ন দুৱৰা,নাজ চুলতানা,মনিষা হাজৰিকা, অঘ্ৰদীপ বৰুৱা, ৰাজীৱ লাল বৰুৱা, মিন্টু বৰুৱা, হেমন্ত দেৱনাথ আৰু কমল লোচনে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.