বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীত সমূহ ৰূপালী পৰ্দাৰ কৰ্মকতাৰ ফালৰ পৰা শিল্পীগৰাকীলৈ যাঁচিছো অশেষ শ্ৰদ্ধাঞ্জলি। ড° ভূপেন হাজৰিকাক সোঁৱৰি তেওঁৰ মৃত্যু তিথিত গুৱাহাটী জালুকবাৰী স্থিত সমাধি ক্ষেত্ৰত আজি এখন সভাৰ আয়োজন কৰা হয় ; য’ত উপস্থিত থাকে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে তথা কেইবাজনো বিশিষ্ট ব্যক্তি।

ভূপেন হাজৰিকাক সোঁৱৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আজিৰ “স্মৃতি তৰ্পণ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা” ত সন্ধিয়া ভাগলৈ এখন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
এই গৰাকী বিশ্ববিশ্ৰুত শিল্পীয়ে সংগীতক গণসংযোগৰ মাধ্যম ৰূপে আৰু সমাজ পৰিৱৰ্তনৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছিল। অসমীয়াৰ জীৱনৰ এনে এটা বিষয়, এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই।

অসমীয়া মানুহক একেলগ হৈ থাকিবলৈ, ইজনে আনজনৰ কথা ভাবিবলৈ বাধ্য কৰোৱা এই গৰাকী মহান শিল্পীৰ মৃত্যু তিথিত তেওঁলৈ যাঁচিছো শ্ৰদ্ধাঞ্জলি।
Add comment