Rupaliparda.com
"পানীপত" ৰ ট্ৰেইলাৰে আকৃষ্ট কৰিলে দৰ্শককঃ 1

“পানীপত” ৰ ট্ৰেইলাৰে আকৃষ্ট কৰিলে দৰ্শককঃ

অৰ্জুন কাপুৰ তথা সঞ্জয় দত্ত অভিনীত আহিবলগীয়া ছবি “পানীপত” ৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে ট্ৰেইলাৰ। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিৰ পিছত ছবিখনক লৈ উৎসাহী হৈ ৰৈছিল যথেষ্ট দৰ্শক।

"পানীপত" ৰ ট্ৰেইলাৰে আকৃষ্ট কৰিলে দৰ্শককঃ 2


প্ৰথমবাৰৰ বাবে অৰ্জুন কাপুৰক এনেদৰে এখন ঐতিহাসিক ছবিত দৰ্শকে দেখিবলৈ পাব। ট্ৰেইলাৰত দেখুওৱা অনুযায়ী সঞ্জয় দত্ত তথা কৃতি সেনন লগতে অৰ্জুন কাপুৰৰ সংলাপে দৰ্শকক বাৰুকৈয়ে আকৃষ্ট কৰিছে। মোহনীশ বহল, পদ্মিনী কোল্হাপুৰী আদি শিল্পীক বহু দিনৰ পিছত ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব।


“পানীপত” ছবিখন ১৭৬১ চনত সংঘটিত পানীপতৰ যুদ্ধৰ ওপৰত আধাৰিত। আশুতোষ গোৱাৰিকৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অৰ্জুন কাপুৰ সেনাপতি সদাশিৱ ৰাও ভাওৰ চৰিত্ৰ ৰূপায়ন কৰিব আৰু ইয়াৰ পৰিৱৰ্তে সঞ্জয় দত্ত থাকিব নিগেটিভ চৰিত্ৰত। অহা ডিচেম্বৰ মাহৰ ৬ তাৰিখে ছবিখনে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.