আপুনিও ফেশ্বনৰ প্ৰতি আকৰ্ষিত নেকি?? আপুনিও বিচাৰিছে নেকি আপোনাৰ “ফেশ্বন টেলেন্টক” সকলো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ?? তেন্তে আৰু চিন্তাৰ কাৰণ নাই; অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম ফেশ্বন শ্ব’ “নৰ্থ ইষ্ট ইন্টাৰনেশ্বনেল ফেশ্বন উইক” বৰ্তমান আপোনাৰ সমুখত।

“নৰ্থ ইষ্ট ফেশ্বন উইক ” চমুকৈ “NEIFW” ৰ ২০১৯-২০ বৰ্ষৰ পঞ্চমটো সংস্কৰণ অনুষ্ঠিত কৰা হ’বচলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ১০ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত লিলি হোটেলত। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ লোৱা হ’ব অনুষ্ঠানটিৰ বাবে অডিশ্বন।

ল’ৰা-ছোৱালীকে ধৰি শিশু তথা বিবাহিত মহিলাও অংশগ্ৰহণ কৰিব পাৰিব উক্ত অডিশ্বনত। আদিতক্স ভেনছ্যুৰৰ (Aditaksh Venture) সৌজন্যত অনুষ্ঠিত উক্ত অ’ডিশ্বনটোত অংশগ্ৰহণৰ বাবে থাকিব নিৰ্দ্দিষ্ট ড্ৰেছকোড।

অংশগ্ৰহণৰ বাবে ছোৱালীয়ে পৰিধান কৰিব লাগিব বিঝ অথবা ব্লেক ষ্টিলেটোৰ সৈতে চৰ্টচ আৰু শ্লিভলেচ টপ। লগতে ল’ৰাই ব্লু জিনছৰ সৈতে হুৱাইট টি-চাৰ্ট আৰু লগত ফৰ্মেল শ্বু।

ইয়াৰ লগতে যদিহে কোনোৱে ফেশ্বন ডিজাইন লগতে জুৱেলাৰী ডিজাইনাৰে “নৰ্থ-ইষ্ট ফেশ্বন উইক ২০১৯-২০” ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা দাঙি ধৰিব খুজিছে তেনেহ’লে ৯৭০৬০০১২২০ ত ফোন অথবা ওৱাটচ আপত মেছেজ কৰি নিজৰ নাম ভৰ্তি কৰিব পাৰে।

বিগত ২০১৮ বৰ্ষত অনুষ্ঠিত উক্ত ফেশ্বন উইকটোত বলীউড ডিজাইনাৰ Kern Ferns ৰ বিভিন্ন ডিজাইন দৰ্শকৰ মাজত দাঙি ধৰা হৈছিল। চাওঁ আহক ইয়াৰ এক ভিডিঅ’-
Add comment