অসমীয়া চলচিত্ৰক আকৌ নতুন ৰূপত সঁজাই তোলাত মুনীন বৰুৱাৰ জন্মদিনত ৰূপালী পৰ্দাৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। একোখন হিট চিনেমা প্ৰদান কৰি এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৪৮ চনত জন্মগ্ৰহণ কৰা “ভাইমন দা” খ্যাত মুনীন বৰুৱাই “প্ৰতিমা” ছবি খনৰ পৰিচালনা কৰি পৰিচালক ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰায় ৯০ খন নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ সমান্তৰালকৈ, মুনীন বৰুৱাই ২১ খন ছবিৰ চিত্ৰনাট্য লিখিছে তথা ১৪ খন ছবিৰ পৰিচালনা কৰিছে। চলচিত্ৰৰ উপৰিও তেওঁ “পাপু-নিকু সংবাদ” আৰু “ৰুদ্ৰ” নামে দুখন ধাৰাবাহিকো পৰিচালনা কৰে।

এই গৰাকী ব্যক্তিজনাৰ দ্বাৰা নিৰ্মিত ৩ খনৰ ছবিৰ বিষয়ে কিছু জানো আহক-
১. নায়ক –

২০০১ চনৰ ৩০ নৱেম্বৰত মুক্তি লাভ কৰা “নায়ক” ছবিখন প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। পূজা মোশ্যন পিকছাৰচৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মেৰী লস্কৰে। মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে। উক্ত ছবিখনৰ প্ৰত্যেকটা সংগীতেই দৰ্শকৰ মাজত বৰ্তমানেও প্ৰিয়। সংগীকেইটি পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। “নায়ক” ৰ বাবে মুনীন বৰুৱাই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটাও লাভ কৰিছিল।
২. বাৰুদঃ

২০০৪ চনৰ ১৪ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “বাৰুদ” কিছু ৰাজনৈতিক নেতাৰ ময়মৈতালিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰস্তুতি পৰাশৰ, যতীন বৰা আৰু ৰবি শৰ্মাকে ধৰি তপন দাস আৰু হিৰণ্য ডেকাকো এই ছবি খনত মূখ্য চৰিত্ৰত দেখা পোৱা যায়। উল্লেখ্য যে, ছবি খনত ৰবি শৰ্মা “ভিলেইন” ৰ চৰিত্ৰত অভিনয় কৰিছে। “বাৰুদ” ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ২০০৩-০৪ চনৰ “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ বঁটা লাভ কৰে উক্ত ছবিখনে।
৩. হিয়া দিয়া নিয়াঃ

২০০০ চনত মুক্তি লাভ কৰা এই চলচিত্ৰখনে বহুল পৰিমাণত দৰ্শকক টানিবলৈ সক্ষম হয়। ধনী-দুখীয়াৰ মাজৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। ৰবি শৰ্মা, যতীন বৰা, লুনা লহকৰ আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত এই ছবিখনতেই পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। ছবিখনৰ কাহিনী ও সংগীত দৰ্শকৰ মাজত এতিয়াও জনপ্ৰিয়।

বহুতো সফল চলচিত্ৰ অসমীয়া দৰ্শকক উপহাৰ দিয়া ভাইমন দা ৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছিল সাংস্কৃতিক জগতৰ সকলো কলা-কুশলী লগতে সমগ্ৰ বিশ্ব। ২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে এই জনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।
Add comment