লাখটকীযা বাজেট অবিহনেও অসমীয়া এখন ছবিয়ে লাভ কৰিছিল দৰ্শকৰ বৃহৎ সমাদৰ। ছবিখনৰ কিছু সংলাপ বৰ্তমানেও সাধাৰণ জনৰ মুখে মুখে শুনিবলৈ পোৱা যায়। এই ছবিখনৰ নাম হৈছে “লোকেল কুংফু”। হাস্যমধুৰ এই ছবিখন দৰ্শকৰ ইমান বেছি পছন্দৰ আছিল যে ২০১৩ বৰ্ষৰ প্ৰথমটো সংস্কৰণৰ পিছত ইয়াৰ চিকুৱেল ছবিৰ মুক্তি দিয়া হৈছিল ২০১৭ চনত।

কোনো ধৰণৰ আধুনিক তথা দামী কেমেৰাৰ ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন। ৯৫০০০ হাজাৰ টকীয়া বাজেটত নিৰ্মিত “লোকেল কুংফু” ৰ পৰিচালক হৈছে কেনী দেউৰী বসুমতাৰী লগতে তেওঁ ছবিখনৰ মূখ্য চৰিত্ৰটো অভিনয় কৰিছে।

পৰিচালক কেনীৰ সম্পৰ্কীয় কিছু লোকৰ ঘৰত দৃশ্যগ্ৰহণৰ কাম চলা এই ছবিখনত গুৱাহাটীৰ আশে-পাশে থকা দুটা যুৱকৰ দলৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ছবিখনত একছনৰ দৃশ্যবোৰ অভিজ্ঞ সমৰ কলাবিদৰ দ্বাৰা কৰা হৈছিল।

২০১৩ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন অসমকে ধৰি দিল্লী,মুম্বাই, বাংগালোৰ তথা অইন ৭ খন দেশত ইংৰাজী চাবটাইটেল সহিতে মুক্তি দিয়া হৈছিল।

“লোকেল কুংফু” ত অভিনয় কৰিছিল কেনী দেউৰী বসুমতাৰী, সংগীতা নায়াৰ, উৎকল হাজোৱাৰী, বনী দেউৰী, বিভাস সিংহ, ৰণী দেউৰী, জনী দেউৰী আৰু এ এছ দেউৰীয়ে।
Add comment