Rupaliparda.com
৬০ দশকৰ হাস্যৰসৰ কাহিনীৰে অসমীয়া ছবি "ইটো-সিটো বহুতো"- 1

৬০ দশকৰ হাস্যৰসৰ কাহিনীৰে অসমীয়া ছবি “ইটো-সিটো বহুতো”-

৬০ দশকৰ হাস্যৰসৰ কাহিনীৰে অসমীয়া ছবি "ইটো-সিটো বহুতো"- 2

১৯৬৩ চনত মুক্তিপ্ৰাপ্ত হাস্যৰসৰ এখন অসমীয়া ছবি হৈছে “ইটো-সিটো বহুতো”। পৰিচালনাৰ লগতে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আছিল ব্ৰজেন বৰুৱাৰ লগতে ইয়াৰ প্ৰযোজনা আছিল জোনপ্ৰভা বৰুৱানীৰ।


পিতৃ আৰু পুত্ৰৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। পিতৃৰ কথা পাহৰাৰ সুযোগ বুজি পুত্ৰই মাহেকত দুবাৰকৈ হাত খৰচ বিচাৰি চহৰত হাঁহি-স্ফূৰ্তিৰে জীৱন কটায়। কিন্তু “এশ গৰু মাৰিলে বাঘৰো মৰণ”; গতিকে এদিন হঠাৎ বাপেক আহি পুতেকৰ ভাৰাঘৰ পাইহি আৰু সকলো কথাৰ উমান পায়। ইয়াৰ পিছত এটা হাতুৰীয়ে কেনেদৰে সকলো কথাৰ সমাধান উলিয়ায় তাকেই দেখুওৱা হৈছে “ইটো-সিটো বহুতো” ছবিখনত।


ছবিখনত অভিনয় কৰিছে ফণী শৰ্মা, ব্ৰজেন বৰুৱা, মোৱাজ্জিন আলী, গিৰিন বৰুৱা,প্ৰবীণ বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, কৰুণা গোস্বামী, অমৰেন্দ্ৰ ঠাকুৰ আৰু সমেৰন শইকীয়াই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.