Rupaliparda.com
ৰাখীৰ অভিনয়ৰে নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ "অপৰাজেয়"- 1

ৰাখীৰ অভিনয়ৰে নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ “অপৰাজেয়”-

১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন জনপ্ৰিয় অসমীয়া ছবি হৈছে “অপৰাজেয়”। ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন আৰু গৌৰী বৰ্মন আদি চাৰি গৰাকী পৰিচালকৰ দ্বাৰা পৰিচালিত এই ছবিখনত হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী ৰাখীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছিল। ফণী তালুকদাৰৰ কাহিনী আৰু অতুল বৰদলৈৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ এটি গীতত কন্ঠদান কৰিছিল লতা মংগেশকাৰে।

ৰাখীৰ অভিনয়ৰে নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ "অপৰাজেয়"- 2


নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত এইখনেই হৈছে প্ৰথম অসমীয়া ছবি। উক্ত ছবিখনৰ কিছু অন্তঃদৃশ্যগ্ৰহণৰ কাম মুম্বাইৰ শ্ৰী ছাউণ্ড ষ্টুডিঅ’ত কৰা হৈছিল। ছবিখনত থকা এটি গীতত হিন্দী ছবিৰ নৃত্যশিল্পী লক্ষ্মীছায়াই নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আকৰ্ষিত কৰিছিল। “অপৰাজেয়” ৰ শ্বুটিঙৰ বাবে ৰাখী অসমৰ বৰপেটালৈ আহিছিল।

ৰাখীৰ অভিনয়ৰে নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ "অপৰাজেয়"- 3


ৰাখীৰ বাহিৰে এই ছবিখনত অভিনয় কৰিছে প্ৰশান্ত হাজৰিকা, পৰাগ শলিহা, বিৰজা দাস, ৰমণী বৰ্মণ, পূণ্য দাস, লক্ষ্মীছায়া, অনুৰাধা দাস, প্ৰসন্নলাল চৌধুৰী, ৰাজেন দাস, মাধৱ পাঠক, দামোদৰ দাস,কমল বায়ন আৰু গোবৰ্দ্ধন দাসে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform