১৯৬৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “মাটিৰ স্বৰ্গ”। অনিল ভূঞাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গিৰিশ চৌধুৰী আৰু অনিল চৌধুৰীয়ে। লগতে, ছবিখনৰ কাহিনী তথা চিত্ৰনাট্যও লিখিছিল গিৰিশ চৌধুৰীয়ে।

ছবিখনত এখন গৃহস্থৰ অভাৱ-অভিযোগৰ লগতে আন এখন গৃহস্থৰ লাস-বিলাসকো দেখুওৱা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থই যেতিয়া নিজ নিজ দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কি ইয়াৰ উপায় উলিয়াব পাৰে তাকেই দেখুওৱা হৈছে এই ছবিখনত। টকা-পইচাৰ অভাৱত এখন গৃহস্থই পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতি হয়; আনহাতে আকৌ টকাৰে ভৰপূৰ আন এটা পৰিয়ালে এক অচিন অন্তঃদন্দ্বত ভুগি থকা দেখুওৱা হৈছে এই ছবিখনত।

“মাটিৰ স্বৰ্গ” ছবিখনত অভিনয় কৰিছে প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলি, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ভুৱনেশ্বৰ বুজবৰুৱা, ধীৰাজ দাস, গণেশ শৰ্মা আৰু আতাউৰ ৰহমানে।
Add comment