Rupaliparda.com
নতুন কনচেপ্ট ও ন-যুঁটিঃ আহি আছে "কাগজৰে কোলাৰ"- 1

নতুন কনচেপ্ট ও ন-যুঁটিঃ আহি আছে “কাগজৰে কোলাৰ”-

এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শিল্পী অজয় সিংঘা। তেওঁৰ প্ৰথমটো অসমীয়া গীতত কন্ঠদান কৰিছে অসমৰ দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীপলিনা ডেকা আৰু ৰূপম ভূঞাই। ইতিমধ্যে শ্বুটিং সম্পন্ন হোৱা “কাগজৰে কোলাৰ” শীৰ্ষক গীতটিত অভিনয় কৰিব দীপলিনাই আৰু তেওঁৰ সৈতে থাকিব উৎপল দাস।

নতুন কনচেপ্ট ও ন-যুঁটিঃ আহি আছে "কাগজৰে কোলাৰ"- 2


নিজ কন্ঠৰ যাদুৰে দুয়োগৰাকী কন্ঠশিল্পী ক্ৰমে ৰূপম আৰু দীপলিনাই ইতিমধ্যে প্ৰায় শ্ৰোতাক নিজ নিজ অনুৰাগী কৰি তুলিছে। কোৱা বাহুল্য যে, দুয়োগৰাকীৰ গীত মুক্তিৰ সমান্তৰালকৈ ই ট্ৰেণ্ড কৰিছে থইউটিউবত। আকৌ এবাৰ এক নতুন যুঁটিৰ সোঁৱাদ লাভ কৰিব অসমীয়া শ্ৰোতাই।

নতুন কনচেপ্ট ও ন-যুঁটিঃ আহি আছে "কাগজৰে কোলাৰ"- 3


বহু কেইটা ন-যু্ঁটিক দেখিবলৈ পোৱা এই গীতটিৰ সংগীত আৰু কনচেপ্ট অজয় সিংঘাৰ আৰু গীতটিক লিখিছে দিগন্ত ভাৰতীয়ে। এক ব্যতিক্ৰমী ৰোমান্টিক গীত; দীপলিনা আৰু ৰূপমৰ এই গীতটিৰ বাবে এতিয়া উৎসাহী হৈ পৰিছে সমূহ শ্ৰোতা। ফেচবুক যোগে কৰা এক পোষ্টৰ দ্বাৰা গীতটিৰ পোষ্টাৰ মুকলি কৰিছে কন্ঠশিল্পী দীপলিনাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.