Rupaliparda.com
আৰম্ভ হ'ল জনপ্ৰিয় "আমাৰ ভূপেন দা" ৰ পঞ্চমটো সংস্কৰণঃ 1

আৰম্ভ হ’ল জনপ্ৰিয় “আমাৰ ভূপেন দা” ৰ পঞ্চমটো সংস্কৰণঃ

চাৰিটা সফল সংস্কৰণৰ সমাপ্তি পিছত পুনৰ বাৰ প্ৰাগ চেনেলত সম্প্ৰচাৰিত হৈছে “আমাৰ ভূপেন দা, চিজন-৫”। যোৱা কেইবাটাও বৰ্ষত এই ৰিয়লেটী শ্ব’টোৱে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে ড° ভূপেন হাজৰিকাক সুঁৱৰিবলৈও অৱকাশ দিছে।

আৰম্ভ হ'ল জনপ্ৰিয় "আমাৰ ভূপেন দা" ৰ পঞ্চমটো সংস্কৰণঃ 2


পূৰ্বৰ চাৰিওটা সংস্কৰণৰ তুলনাত এইবাৰৰ পঞ্চমটো চিজনে ব্যতিক্ৰমী ৰূপত আহিছে আপোনালোকৰ মাজলৈ। বঙাইগাওঁ, তেজপুৰ, যোৰহাট, গুৱাহাটী, কলকাতা আৰু বাংলাদেশতো লোৱা হৈছে “আমাৰ ভূপেন দা চিজন ৫” ৰ বাবে বিভিন্ন প্ৰতিভাৰ অডিশ্ব’ন। উল্লেখ্য যে, প্ৰাগ চেনেলত সম্প্ৰচাৰিত এই সংগীত প্ৰতিযোগিতাখনত হোষ্ট হিচাপে আছে জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মা।


বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ গীতক বিভিন্ন ভাষাত পৰিৱেশন কৰাই হৈছে এই প্ৰতিযোগিতাখনৰ মূখ্য উদ্দেশ্য। ড° ভূপেন হাজৰিকাক সুঁৱৰিয়ে আৰম্ভ কৰা হয় এই প্ৰতিযোগিতাখন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform