Rupaliparda.com
আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া অভিনেতাঃ ইন্দ্ৰ বণিয়া 1

আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া অভিনেতাঃ ইন্দ্ৰ বণিয়া

আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বঁটা লাভ কৰা প্ৰথমজন অসমীয়া অভিনেতা হৈছে ইন্দ্ৰ বণিয়া। লখিমপুৰ জিলাৰ ধলপুৰত জন্মগ্ৰহণ কৰা এই অভিনেতা গৰাকীয়ে জাহ্নু বৰুৱাৰ ছবি “হালধীয়া চৰায়ে বাওধান খায়” ৰ বাবে লোকাৰ্ণ চলচিত্ৰ মহোৎসৱত “শ্ৰেষ্ঠ অভিনেতা” ৰ বঁটা লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া অভিনেতাঃ ইন্দ্ৰ বণিয়া 2


১৯৭৫ চনত মুক্তিপ্ৰাপ্ত ছবি “খোজ” ৰ দ্বাৰা অভিনেতা গৰাকীয়ে প্ৰথমবাৰৰ বাবে অভিনয় জগতত খোজ পেলায়। ইয়াৰ উপৰিও অভিনেতা গৰাকী ১৯৬৪ চনৰ পৰা গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী ৰূপে “গোবৰ্ধন চৰিত” আৰু “মইনাৰ সংবাদ” নাটকত অভিনয় কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া অভিনেতাঃ ইন্দ্ৰ বণিয়া 3


ইন্দ্ৰ বণিয়াই মুঠ ২৮ খন অসমীয়া ছবিত অভিনয় কৰাৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ২০১৫ চনৰ ২৫ মাৰ্চত এই অভিনেতা গৰাকী ইহলীলা সম্বৰণ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.