Rupaliparda.com
দুলাল ৰয়ৰ টুলুঙা মন্তব্যৰ বিৰোধিতা কৰি সংবাদ মেলৰ আয়োজন প্ৰস্তুতি পৰাশৰৰঃ 1

দুলাল ৰয়ৰ টুলুঙা মন্তব্যৰ বিৰোধিতা কৰি সংবাদ মেলৰ আয়োজন প্ৰস্তুতি পৰাশৰৰঃ

নাট্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী দুলাল ৰয়ে আৱাহন থিয়েটাৰক উদ্দেশ্যি দিয়া মন্তব্যক লৈ এতিয়া সৰৱ হৈ উঠিছে আৱাহন থিয়েটাৰৰ কলা-কুশলীৰ লগতে প্ৰযোজক। যোৱা ১৭ নৱেম্বৰ তাৰিখে তেজপুৰত অনুষ্ঠিত এখন নাট্যসভাত দুলায় ৰয়ে আৱাহনক থিয়েটাৰক উদ্দেশ্যি বিভিন্ন মন্তব্য কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰতেই প্ৰস্তুতি পৰাশৰে এখন সংবাদ মেলৰ আয়োজন কৰে।

দুলাল ৰয়ৰ টুলুঙা মন্তব্যৰ বিৰোধিতা কৰি সংবাদ মেলৰ আয়োজন প্ৰস্তুতি পৰাশৰৰঃ 2

থিয়েটাৰৰ সৈতে জড়িত কলা-কুশলীয়ে সময়মতে দৰমহা নোপোৱাৰ দৰে কিছু আৰোপ আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ৰ ওপৰত লগোৱাৰ উপৰিও মহিলাৰ চুটি কাপোৰ পিন্ধাক লৈও তেওঁ মন্তব্য কৰে। উক্ত কথাসমূহৰ বিৰোধিতা কৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সংবাদ মেল এখন অনুষ্ঠিত কৰে।

দুলাল ৰয়ৰ টুলুঙা মন্তব্যৰ বিৰোধিতা কৰি সংবাদ মেলৰ আয়োজন প্ৰস্তুতি পৰাশৰৰঃ 3


সংবাদ মাধ্যমক উদ্দেশ্যি অভিনেত্ৰী গৰাকীয়ে কি ক’লে চাওঁচোন আহকঃ


ইয়াৰ লগতে, অভিনেত্ৰী গৰাকীয়ে দুলাল ৰয়ক এইবাৰৰ আৱাহন থিয়টাৰৰ নাটক ক্ৰমে মেমচাহাব, মূলাগাভৰু, ইত্যাদি চাবলৈও অনুৰোধ জনায়।অভিনেত্ৰীগৰাকীয়ে কয় যে, যদিহে দুলাল ৰয়ে এই সমূহ নাটক চায় তেতিয়াহ’লে তেওঁ নিশ্চয়কৈ বুজি পাব আৱাহন থিয়েটাৰে এইবাৰ গ্লেমাৰহীন কেনে ধৰণৰ নাটক ৰাইজৰ আগত মঞ্চস্থ কৰিছে।

Add comment

Leave a Reply