১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সমসাময়িকত লিখা কাহিনীৰে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “ফিৰিঙতি”। এগৰাকী বিধৱা শিক্ষয়িত্ৰীৰ জীৱন কাহিনীৰে আৰম্ভ বোলছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰে। এটা মূখ্য চৰিত্ৰ “ৰুণু” ক লৈ ঘূৰি আছে বোলছবিখনৰ সমষ্ট কাহিনী।

এখন পিছপৰা গাঁও “কলং”; শিক্ষাৰ পোহৰে ঢুকি নোপোৱা গাঁৱৰ অস্বাক্ষৰ লোকক স্বাক্ষৰ কৰাৰ মানসেৰে ৰুণুৱে আৰম্ভ কৰিছিল এখন অ’ন এয়াৰ স্কুল। চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী হৈ আহিছিল যদিও স্কুলখন প্ৰায় ১০ বছৰ আগেয়ে জ্বলি যোৱাৰ পিছতো দৃঢ় প্ৰতিজ্ঞ “ৰুণু” য়ে গাঁৱৰ প্ৰত্যেকখন ঘৰলৈ গৈ ল’ৰা -ছোৱালী গোটাই নিজাববীয়াকৈ আৰম্ভ কৰিছিল এখন বিদ্যালয় “কৰঙা প্ৰাথমিক বিদ্যালয়”। এয়াই হৈছে “ফিৰিঙতি” মূখ্য কাহিনী। বাটত অজস্ৰ হেঙাৰ থকা স্বত্বেও যেতিয়া কোনো ব্যক্তি প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰে তেতিয়া তেওঁৰ জয় নিশ্চিত। শিক্ষাৰ ইচ্ছা থাকিলেও শিক্ষা লাভ নকৰাত গাঁৱখনে কোনোধৰণৰ খবৰ-বাতৰি পোৱা নাছিল; তেতিয়া “ৰুণু” ৰ পৰা পোৱা তথ্য আছিল তেওঁলোকৰ একমাত্ৰ শিক্ষা আৰু “ৰুণু” আছিল তেওঁলোকৰ বাবে আশাৰ কিৰণ।

এখন পিছপৰা গাঁৱৰ সামগ্ৰিক পৰিৱেশৰ এখন সজীৱ ছবি দাঙি ধৰা হৈছে বোলছবিখনত। এডাল সাঁকো জৰিয়তে হোৱা ইপাৰ-সিপাৰ, এযোৰ কাপোৰক লৈয়ে জীৱন নিৰ্বাহ কৰা,শিক্ষা নোহোৱা পিছতো এজনে কৰা আনজনৰ ওপৰত বিশ্বাস আদিয়ে বোলছবিখনক আৰু বেছি মনোগ্ৰাহী কৰি তুলিছে।

শৈলধৰ বৰুৱাৰ দ্বাৰা প্ৰযোজিত উক্ত বোলছবিখনৰ মূখ্য চৰিত্ৰটি নিজ সুন্দৰ অভিনয়ৰে ফুটাই তোলে মলয়া গোস্বামীয়ে। নিজৰ হৈ মাত মতাৰ উপৰিও ভুল-শুদ্ধৰ সঠিক বিবেচনা কৰি কোৱা কথাৰ ভংগিমাই দৰ্শকক আৰু বেছি আগ্ৰহী কৰি তুলিছে। আন এক চৰিত্ৰত থকা বিষ্ণু খাৰঘৰীয়া ৰ “পইছাখোৱা” ৰ চৰিত্ৰও লেখত ল’বলগীয়া। “এনি ব’ডি চেলেঞ্জ” সংলাপটোৱে তেওঁৰ চৰিত্ৰটোক দৰ্শকৰ মগজুত সোমোৱাই দিবলৈ সক্ষম হৈছে।

গাঁও এখনত থকা এটা ৰেডিঅ’ ৰ দ্বাৰা লোৱা দেশ-বিদেশৰ কাহিনী তথা দেশ সমূহৰ অৰ্থনীতিৰ উঠা -নমা আদিয়ে সেই সময়ৰ এক আভাষ দিছে বোলছবিখনে। ১ঘণ্টা ৫৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনত আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত আছে চেতনা দাস,ইনু বৰুৱা,হেমেন চৌধুৰী, বাদল দাস আদি শিল্পীয়ে।
Add comment