Rupaliparda.com
ছবি "জৱানী জানেমন" ৰ মুক্তিৰ তাৰিখৰ সাল-সলনিঃ 1

ছবি “জৱানী জানেমন” ৰ মুক্তিৰ তাৰিখৰ সাল-সলনিঃ

বহু বিৰতিৰ পিছত পুনৰ বাৰ ডাঙৰ পৰ্দালৈ আহি আছে অভিনেত্ৰী তাবু আৰু ছেইফ আলী খানৰ যুঁটি। “জৱানী জানেমন” শীৰ্ষক ছবিখনত দুয়োকে একেলগে দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে, এই ছবিখনক লৈ দৰ্শকৰ উৎস্যুকতাৰ সৃষ্টি হৈছে কিয়নো ছবিখনত পূজা বেদীৰ জীয়ৰী আলিয়া ফৰ্নীচৰবালাই পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰিব।

ছবি "জৱানী জানেমন" ৰ মুক্তিৰ তাৰিখৰ সাল-সলনিঃ 2


ছবিখন চলিত বৰ্ষতেই মুক্তি কৰি দিয়া কথা আছিল যদিও পুনৰ এই ছবিখনৰ মুক্তিৰ তাৰিখ সাল-সলনি কৰি অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰী তাৰিখ কৰি দিয়া হয়।

ছবি "জৱানী জানেমন" ৰ মুক্তিৰ তাৰিখৰ সাল-সলনিঃ 3


আছলতে, এই ছবিখনৰ বাবদ নিৰ্মাতা সকলে এটা প্ৰমো’ শ্বুট কৰিবলৈ বিচাৰিছিল য’ত ছেইফৰ এটা অইন লুকৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমান ছেইফ আলি খান তেওঁৰ অইন ছবিৰ সৈতে ব্যস্ত থকা বাবে তেওঁ এটা বেলেগ লুক লৈ থাকিবলগীয়া হৈছে। গতিকে “জৱানী জানেমন” ৰ নিৰ্মাতা সকলে ছেইফ আলি খানৰ পূৰ্বৰ লুকৰ অপেক্ষা কৰিবলগীয়া হৈছে।

ছবি "জৱানী জানেমন" ৰ মুক্তিৰ তাৰিখৰ সাল-সলনিঃ 4


নিতীন কক্কৰ দ্বাৰা পৰিচালিত এই ছবিখন ইংলেণ্ডৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.