বলীউড ছবি “চেহৰে” ৰ পৰা কৃতি খৰবন্দাক ওলাই দিয়া পিছতে এতিয়া ছবিখনৰ সৈতে সংযোগ হৈছে দুই অভিনেত্ৰীৰ নাম ক্ৰমে মৌনী ৰয় আৰু অংকিতা লোখণ্ডে। উক্ত দুয়ো অভিনেত্ৰীকে “চেহৰে” ৰ প্ৰযোজক আনন্দ পণ্ডিতৰ বাসগৃহৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছিল; কিন্তু বৰ্তমানলৈ স্পষ্টীকৰণ দিয়া হোৱা নাই যে ছবিখনৰ বাবে কোন গৰাকী অভিনেত্ৰীক বাচনি কৰা হৈছে।

উল্লেখ্য যে, এই ছবিখনৰ পৰা প্ৰযোজক আনন্দে কৃতিৰ ব্যৱহাৰৰ পৰা অশান্ত হৈ তেওঁক বাহিৰৰ ৰাষ্টা দেখুৱাইছিল। অভিনেত্ৰী গৰাকীক নিজৰ ব্যৱহাৰ ঠিক ৰাখিবলৈ তেওঁ কেইবাবাৰো উপদেশ দিছিল যদিও অভিনেত্ৰী গৰাকীয়ে ইয়াৰ অৱমাননা কৰিছিল। ফলত তেওঁক ছবিখনৰ পৰা উলিয়াই দিয়া হয়।

ৰুমী জাফৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন অহা বৰ্ষৰ ২০ এপ্ৰিলত মুক্তি লাভ কৰিব।
Add comment