তাপসি পান্নু বলীউডৰ এনে এগৰাকী অভিনেত্ৰী যিয়ে নিজৰ চিনেমাত বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকক মন্ত্ৰমূগ্ধ কৰি ৰাখে। অভিনেত্ৰী গৰাকী নিজৰ সহঃ অভিনেতাৰ সৈতে থকা সম্পৰ্কৰ বাবেও চৰ্চালৈ আহিছে। কিন্তু এইবাৰ তাপসিয়ে দিলে এক অইন মন্তব্য; এটা অনুষ্ঠান যোগে অভিনেত্ৰী গৰাকীয়ে জনালে কোন কোন সহঃ অভিনেতা/ অভিনেত্ৰীক তেওঁ অপচন্দ কৰে।

জনপ্ৰিয় অভিনেত্ৰী নেহা ধূপিয়াৰ এক অনুষ্ঠানত তাপসিয়ে এই মন্তব্য প্ৰদান কৰে। তেওঁ যি দুজন তাৰকাৰ নাম লৈছে; সেয়া শুনিলে আপুনিও হতহম্ভ হৈ পৰিব। তাপসিয়ে কয় যে, “মনমৰ্জিয়া” ত অভিনীত বিকি কৌশল আৰু “জুড়ৱা ২” ত অভিনীত জেকলিন সকলোতকৈ বেয়া সহঃশিল্পী।”


ইয়াৰ কাৰণত অভিনেত্ৰীয়ে আকৌ কয় যে, জেকলিন ইমান সুন্দৰ ব’ডিৰ অধিকাৰী যে তেওঁৰ সৈতে তাপসি পান্নু কেতিয়াও প্ৰতিদ্বন্দিতা কৰিব পৰা নাছিল; ইয়াৰ লগতে “মনমাৰ্জিয়া” ত অভিনেত্ৰী তাপসি প্ৰত্যেকটো সময়তে সজীৱ হৈ থাকিবলগীয়া হৈছিল কিয়নো বিকিয়ে ছবিখনৰ প্ৰত্যেকটা শ্ব’ট বৰ নিয়াৰিকৈ কৰিছিল গতিকে তাপসি পান্নু তেওঁৰ লগত মিলিবলৈ অধিক কষ্ট কৰিবলগীয়া হৈছিল।
Add comment