ইতিমধ্যে মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত অচিন্ত শংকৰৰ পৰিচালনাৰে আহিবলগীয়া ছবি “প্ৰতিঘাত” ৰ আৱহ সংগীত। গীতটি ২৬ নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ বাসগৃহতেই প্ৰিমিয়াৰ কৰা হৈছিল।’
শশাংক সমীৰৰ কথাৰে ৰচিত এই গীতটি মুক্তিৰ ২৪ ঘন্টা হ’বলৈ নৌপাওঁতেই ইউটিউবত ই শীৰ্ষ স্থান দখল হৈ পৰিছে। বৰ্তমানলৈ গীতটিক ২৭ হাজাৰতকৈে অধিক দৰ্শকে আঁকোৱালি লৈছে।


অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া এই ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, দেৱজিৎ মজুমদাৰ, দিগন্ত হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, অমৃতা গগৈ, পদ্মৰাগ গোস্বামী, আইমী বৰুৱা আৰু আশ্ৰমিকা শইকীয়াই।
Add comment