আগন্তুক ছবি “জনকনন্দিনী” য়ে বৰ্তমান দখল কৰিছে বাতৰিৰ শিৰোনাম। পৰিচালক অমিতাভ বৰাৰ সৈতে হেঁতালি খেলিছে ছবিখনৰ প্ৰযোজকে। বিগত দুটা বছৰ ধৰি চলি থকা ছবিখনৰ প্ৰস্তুতিত অমিতাভ বৰা জড়িত হৈছিল “জনকনন্দিনী” ৰ পৰিচালক ৰূপে। কিন্তু কিছু সময় পূৰ্বে মুক্তিপ্ৰাপ্ত ছবিখনৰ পোষ্টাৰত পৰিচালক অমিতাভ বৰাক আৃতৰাই প্ৰযোজকে দিলে আন এগৰাকীৰ নাম।


চচিয়েল মিডিয়াত উক্ত প্ৰসংগটো এতিয়া ভাইৰেল হৈ পৰিছে। বিভিন্ন জন ওলাই আহিছে পৰিচালক অমিতাভ বৰাৰ সমৰ্থনত। অহা বৰ্ষৰ ৩ জানুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত মাজুলীৰ সত্ৰ তথা সত্ৰীয়া নৃত্যকে আদি কৰি মাজুলীৰ কলা-সংস্কৃতি, ঐতিহ্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা এজনী সৰল ছোৱালীৰ কাহিনীৰ পটভূমিত নিৰ্মাণ কৰা হৈছে “জনকনন্দিনী”।

ছবিখনত মূখ্য অভিনেতা হিচাপে কাম কৰিছে গুঞ্জন ভৰদ্বাজে। আনহাতে অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে অৰুণ নাথ,মাধুৰিমা চৌধুৰী, ৰূপম বৰুৱা, গৌতম বৰা, গৌৰাংগ বৰদলৈ, বাৰিষ দত্ত আৰু নীলাক্ষী হাজৰিকা।
Add comment