মণিকুন্তলা ভট্টাচাৰ্য্যৰ একে নামৰ উপন্যাসক কেন্দ্ৰ কৰি উৎপল বৰপূজাৰীয়ে এখন ছবি নিৰ্মাণ কৰিছিল ;যাৰ নাম আছিল “ইশ্বু”। উক্ত ছবিখনে অসমীয়া ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিছিল।

ছবিখন “ডাইনী হত্যা” ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। গোৱালপাৰা জিলাৰ ৰাভা জনজাতি সকলক লৈ “ইশ্বু” ৰ কাহিনীক আগবঢ়াই নিয়া হৈছে। উল্লেখ্য যে, ছবিখনৰ বাবে পৰিচালকে সমগ্ৰ অসমৰ প্ৰায় ৩০০ টা ল’ৰাৰ সৈতে মত বিনিময় কৰিছিলে; কিন্তু শেষত দহ বছৰীয়া মাষ্টাৰ কপিল গাৰোক ছবিখনৰ বাবে নিৰ্বাচন কৰা হয়। অন্ধবিশ্বাসৰ ফলত জনসাধাৰণৰ হোৱা ক্ষতিক কেন্দ্ৰ কৰিয়ে নিৰ্মাণ কৰা হৈছে “ইশ্বু”।

উক্ত ছবিখনত অভিনয় কৰিছে কপিল গাৰো, বিষ্ণু খাৰঘৰীয়া, Tonthoingambi Leishangthem Devi (ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত মণিপুৰী অভিনেত্ৰী), চেতনা দাস, প্ৰতিভা চৌধুৰী, নিবেদিতা ভৰালী, মনোজ বৰকটকী আৰু দীপিকা ডেকাই।
Add comment