Rupaliparda.com

কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াৰ নতুন প্ৰয়াসঃ

অসমীয়া সংগীত জগতত এনে বহু কন্ঠশিল্পী আছে যাৰ দুই-তিনিটা গীত মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠে তেওঁৰ কন্ঠ। তেওঁৰ কন্ঠৰ অনুৰাগীও হৈ পৰে বহু লোক। তেনে এগৰাকী কন্ঠশিল্পী হৈছে ৰাজশ্ৰী শইকীয়া। ২০১৫ চনত মুক্তিপ্ৰাপ্ত “লাহি হালে জালে” শীৰ্ষক গীতটিৰ দ্বাৰা সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত “কথা এটি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ।


পুনৰ বাৰ ৰাজশ্ৰী ব্যস্ত হৈ পৰিছে তেওঁৰ আহিবলগীয়া গীত “ভাবি নাপাং” ক লৈ। বিহুসুৰীয়া এই গীতটি আগন্তুক ডিচেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব। গীতটি লিখাৰ লগতে পৰিচালনা কৰিছে অপূৰ্বজ্যোতি মোহনে লগতে ইয়াত সংগীত দিছে পুলক নাথে।

কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াৰ নতুন প্ৰয়াসঃ 1

ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰ গীতসমূহৰ লিংক তলত দি দিয়া হৈছেঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.