বলীউডৰ ছবি বুলিয়েই নহয় ; হলীউডৰ ছবিয়েও ভাৰতত অধিক প্ৰচাৰ লাভ কৰিছে। সেয়া লাগিলে একচন ছবিয়ে হওঁক বা এনিমেটেড ছবিয়ে হওঁক ; বৃহৎ সংখ্যাত ভাৰতীয় দৰ্শকে ছবি সমূহক পচন্দ কৰিছে।

ছবি সমালোচক তৰণ আদৰ্শে হলীউড ছবিৰ বস্ক অফিচ কালেকচনৰ এখন লিষ্ট আপলোড কৰিছিল। য’ত তেওঁ কেইবাখনো হলীউড ছবিৰ ভাৰতত হোৱা প্ৰথম দিনৰ বস্ক অফিচ কালেকচনৰ বিষয়ে উল্লেখ কৰিছিল।
প্ৰথমতে, “এভেঞ্জাৰ এণ্ডগেম” ৰ কথা উল্লেখ কৰিব পাৰি; যিয়ে “অৱতাৰ” ক পিছ পেলাবলৈ সক্ষম হৈছে। ছবিখনৰ ভাৰতত প্ৰথমটো দিনৰ কালেকচন হৈছে ৫৩.৬০ কোটি টকা।

দ্বিতীয়টো নম্বৰত থিয় হ’বলৈ সক্ষম হয় “ফাষ্ট এণ্ড ফিউৰিয়াচঃ হব্বচ এণ্ড ছাও” ছবিখন। ছবিখনে প্ৰথমটো দিনত লাভ কৰে ১৩.১৫ কোটি টকা।

তৃতীয়টো স্থানত আছে “কেপ্টেইন মাৰ্ভেল”। এই ছবিখনে প্ৰথমটো দিনাই লাভ কৰে ১৩.০১ কোটি টকা।

আৰু, চতূৰ্থটো স্থানত থিয় হয় “ডা লায়ন কিং” ; যাৰ প্ৰথম দিনৰ বস্ক অফিচ কালেকচন ১১.০৬ কোটি টকা।

শেষটো পঞ্চম স্থানত খোজ পেলাই ছবি “স্পাইডাৰ মেন ফাৰ ফ্ৰম হ’ম”-এ। ভাৰতত প্ৰথমটো দিনা ই লাভ কৰে ১০.০৫ কোটি টকা।

Add comment