Rupaliparda.com
প্ৰেমেৰে আকৌ এবাৰ জীপাল জয়-বৰষাঃ 1

প্ৰেমেৰে আকৌ এবাৰ জীপাল জয়-বৰষাঃ

দৰ্শকৰ বহুল সমাদৰ লাভ কৰা “কাঞ্চন” ধাৰাবাহিকখনৰ এটা আকৰ্ষণীয় যুঁটি আছিল বৰষা ৰাণী বিষয়া আৰু জয় কাশ্যপৰ। উক্ত যুঁটিটোৱে টেলিভিছন জগতত দৰ্শকৰ হৃদয় জয় কৰাৰ পিছতেই এতিয়া পুনৰ বাৰ এটি গীতৰ যোগেৰে দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈ উঠিছে।

https://www.instagram.com/p/B5fK7irh80-/?utm_source=ig_web_copy_link
প্ৰেমেৰে আকৌ এবাৰ জীপাল জয়-বৰষাঃ 2

পাখি মেলি” শীৰ্ষক গীতটিত দেখিবলৈ পোৱা যাব বৰষা ৰাণী বিষয়া তথা জয় কাশ্যপক। কুলদ্বীপ চৌধুৰীৰ কথাৰে তথা অনুভৱ দত্তৰ কন্ঠৰে চলিত মাহৰ ১০ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। উল্লেখ্য যে, ইতিমধ্যে দৰ্শকৰ বাবে “পাখি মেলি” শীৰ্ষক গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে মুকলি কৰা হৈছে ইয়াৰ টিজাৰ। গীতটিত সংগীত দিছে পলাশ সূৰ্য্য গগৈয়ে।

Add comment

Leave a Reply