Rupaliparda.com
নৱমতম অসমীয়া চলচিত্ৰৰ বিষয়ে কিছু কথাঃ 1

নৱমতম অসমীয়া চলচিত্ৰৰ বিষয়ে কিছু কথাঃ

১৯৫২ চনত নিৰ্মিত নৱতম অসমীয়া চলচিত্ৰ হৈছে “ৰুণুমী”। সুৰেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা পৰিচালিত ছবিখন হেনৰিক ইবছেনৰ ৰচিত নাটক “দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড” ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৫২ চনত ছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল লগতে “ৰুণুমী” য়ে দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ স্বত্বেও ছবিখন কোনো কাৰণ অবিহনেই সেইসময়ৰ বিষ্ণু ৰাম মেধিৰ চৰকাৰখনে ইয়াক বন্ধ কৰি দিয়ে। ফলত দৰ্শকে বৰ বেছি দিনলৈ ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰিব নোৱাৰিলে।

নৱমতম অসমীয়া চলচিত্ৰৰ বিষয়ে কিছু কথাঃ 2
নৱমতম অসমীয়া চলচিত্ৰৰ বিষয়ে কিছু কথাঃ 3


অসম আৰু তেতিয়াৰ নগা পাহাৰ (নাগালেণ্ড) ত দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল কনকলতা শইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আৰু হিৰণ্ময়ী দেৱীয়ে।

নৱমতম অসমীয়া চলচিত্ৰৰ বিষয়ে কিছু কথাঃ 4


ছবিখনৰ পৰিচালক সুৰেশ গোস্বামীৰ পৰিয়ালবৰ্গই ছবিখন বন্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰক ছবিখন পুনৰুদ্ধাৰৰ বাবেও আবেদন কৰিছে। ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছিল দৰ্প নাথ শৰ্মাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform