Rupaliparda.com
ইমতিয়াজ আলিৰ ছবিক নাকচ কৰে অভিনেতা আয়ূসমানেঃ 1

ইমতিয়াজ আলিৰ ছবিক নাকচ কৰে অভিনেতা আয়ূসমানেঃ

বলীউডৰ জনপ্ৰিয় পৰিচালক ইমতিয়াজ আলিৰ ছবিক নাকচ কৰিছে আয়ূসমান খুৰানাই। “জব য়ী মেট”, “তমাশা” লগতে “হাইৱে” ৰ দৰে ছবিসমূহৰ নিৰ্মাতা গৰাকীয়ে পঞ্জাৱৰ কন্ঠশিল্পী অমৰ সিং চমকিলাৰ কাহিনীক কেন্দ্ৰ কৰি ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। য’ত ছবিখনত মূখ্য চৰিত্ৰটোৰ বাবে পৰিচালক গৰাকীয়ে আয়ূসমান খুৰানাৰ সৈতে কথা পাতে।

ইমতিয়াজ আলিৰ ছবিক নাকচ কৰে অভিনেতা আয়ূসমানেঃ 2
ইমতিয়াজ আলিৰ ছবিক নাকচ কৰে অভিনেতা আয়ূসমানেঃ 3


কিন্তু, উক্ত ছবিখনৰ বাবে বিনম্ৰতাৰে “না” কৰে অভিনেতা গৰাকীয়ে। উল্লেখ্য যে, পঞ্জাৱী গায়ক অমৰ সিং তেওঁৰ বিবাদপূৰ্ণ গীত সমূহৰ বাবে চৰ্চা লাভ কৰিছিল। বিগত এমাহ মান আগতেই পৰিচালক গৰাকীয়ে নিজৰ স্ক্ৰীপ্ট খনৰ সৈতে আয়ূসমানৰ কাষ চাপিছিল। কিন্তু, অভিনেতা গৰাকীয়ে “গূলাবো সীতাবো” আৰু “শুভ মংগল জ্যাদা সাৱধান” ছবি দুখনত ব্যস্ত থকাৰ বাবেই তেওঁ চাৰিমাহৰ বিৰতি ল’ব বুলি ব্যক্ত কৰে। ইয়াৰ ফলতেই, ইমতিয়াজৰ ছবিক নাকচ কৰে আয়ূসমান খুৰানাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.