এইটো বৰ্ষতে “কৱীৰ সিং” ৰ সফলতাই আকাশ চুমিছিল। ছবি খনৰ লগতে শ্বাহিদৰ অভিনয়ৰো প্ৰশংসা কৰিছিল সকলো দৰ্শকে। এইবাৰ আকৌ শ্বাহিদ কাপুৰে তেওঁৰ আগন্তুক ছবি “জৰ্সী” ৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ছবিখনক লৈ দৰ্শক আৰু অধিক উৎসাহিত হৈ পৰিছে কিয়নো ইয়াত শ্বাহিদৰ সৈতে দেখিবলৈ পোৱা যাব তেওঁৰ পিতৃ পংকজ কাপুৰক।

উল্লেখ্য যে,এই ছবিখনত পংকজ কাপুৰকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। য’ত তেওঁ শ্বাহিদ কাপুৰৰ গুৰু চৰিত্ৰত থাকিব।

গৌতম টিন্নানুৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত শ্বাহিদৰ সহঃঅভিনেত্ৰী হিচাপে থাকিব মৃণাল ঠাকুৰ। তেলেগু ভাষাৰ এই ছবিখন এইবাৰ হিন্দী সংস্কৰণত নিৰ্মাণ কৰা হৈছে।
1 comment