Rupaliparda.com
"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 1

“প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত”- প্ৰাঞ্জল পৰশ

ব্যতিক্ৰমী চিন্তা-চৰ্চাৰ সৈতে নিজৰ সৃষ্টিক দৰ্শকৰ মাজলৈ অনা সেই বিশেষ গুণটো কেইজনমানহে কন্ঠশিল্পীৰ তাত আছে। একাধাৰে ইটোৰ পিছত সিটোকৈ নহয় যদিও তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰায় সকলো গানতেই আপুনি দেখিবলৈ পাব ভিউৱাৰচ সৰ্বাধিক সংখ্যা। “অ’ দাইদে”, “মন মাঝী”, “নাগাৰা” আদিকে ধৰি বহু কেইটা জনপ্ৰিয় গীতৰ কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ নাম মৰ্ডান অসমীয়া গীতত কন্ঠ নিগৰোৱা কন্ঠশিল্পী সমূহৰ তালিকাত উল্লেখযোগ্য। সেই অনুপাতে তেওঁৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া।

"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 2


গতিকে, আজি আমাৰ দেওঁবৰীয়া বিশেষত আমি তেওঁক লৈ আনিছো আপোনালোকৰ মাজলৈ। ৰূপালীপৰ্দাৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰ যোগে প্ৰাঞ্জলে জনালে তেওঁৰ বহু নজনা কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 3

প্ৰাঞ্জল পৰশঃ মই আছলতে সৰুৰ পৰা সাংস্কৃতিক পৰিৱেশ এটাৰ মাজতে ডাঙৰ -দীঘল হৈছো; মোৰ মাই বহু মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে ৰেডিঅ’টো গাইছিল। প্ৰথমতেটো মই একেবাৰে অনিচ্ছাকৃত ভাৱে সংগীতৰ সৈতে জড়িত হ’বলগীয়াত পৰিছিলো। ঘৰলৈ আলহী আহিলেই তেওঁলোকৰ আগত মোৰ মা-দেউতাই তবলা বা হাৰমনিয়ামটো উলিয়াই মোক গান গাই শুনাবলৈ কৈছিলে; এইবোৰৰ পৰা সেইটো সময়ত মই অতিপাত অতিষ্ঠ হৈছিলো।
কিন্তু শেষলৈ এই ভাল নলগাবোৰেই ক্ৰমান্বয়ে ভাল লগা হৈ পৰিল। মই দ্বিতীয় শ্ৰেণীৰ পৰাাই গান শিকিছো; ঘৰলৈ গুৰুজী আহি মা আৰু বাইদেউক গান শিকায় গতিকে তেনেকৈয়ে দেখি দেখি মইও শিকিছিলো। তাৰপিছত, এদিন মই মা হঁতক শিকাবলৈ অহা গুৰুজীৰ আগত গান এটা গুণগুণাই দিছিলো তেতিয়া গুৰুজীয়ে ভাল পাই মাক মোক গানত দিয়াৰ কথা ক’লে।
গতিকে, এনেদৰেই মই এই সংগীত ক্ষেত্ৰখনত নামি পৰিলো।

প্ৰশ্নঃ আপুনি আপোনাৰ সংগীত সমূহক লৈ কেনেদৰে আগবাঢ়িব বিচাৰে?? “ব্যতিক্ৰমী প্লেনিং” আছে নেকি আপোনাৰ??

"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 4

প্ৰাঞ্জল পৰশঃ নিশ্চয় নিশ্চয়; “ব্যতিক্ৰমী প্লেনিং” আছে। মই চফী গীত সমূহ নিজৰ ধৰণে সজাই ভাল পাওঁ যেনে ধৰা, মোৰ “অ দাইদে” গীতটো লগতে “ৰাৱণে হৰি নিলে সীতাক” তথা মোৰ হিট গীতৰ ভিতৰত অন্তৰ্ভূক্ত “কলংকিনী ৰাধা” আদি গীতবোৰৰ দৰে কিছুমান গীতত মোৰ কন্ঠদান কৰা মন আছে।
অৱশ্যে, বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই মই এতিয়া কিছুমান গীত শ্ৰোতাক দিবলৈ চেষ্টা কৰিছো যদিও মোৰ ইচ্ছা আছে অসমৰ থলুৱা গীত সমূহ যিখিনি আমি ককা- আজোককা হতঁৰ পৰা শুনিছিলো সেইখিনিকে নিজৰ ধৰণে সজাই ৰাইজৰ মাজত উলিয়াই দিয়াৰ।

প্ৰশ্নঃ আপোনাৰ স্কুল বা কলেজত কিবা জুকোৱা নাম আছিল নে?

View this post on Instagram

Our next

A post shared by PRANJAL PARASH (@pranjalparash) on

প্ৰাঞ্জল পৰশঃ স্কুল বা কলেজত তেনেকুৱা বৰ-বিশেষ জুকোৱা নাম নাই বুলিয়ে ক’ব পৰা যায়। সৰুৰ পৰা এতিয়ালৈ সকলোৱে মোক “বাবা” বুলিয়ে মাতিছিলে। কিন্তু কলেজ পোৱা পিছত “আছাম আইডল” নামৰ ৰিয়েলিটী শ্ব’ ত মই গৈছিলো তাত যিকেইজন ফাইনেলিষ্ট আছিলে সেই আটাইকেইজনে ইজনে-সিজনক জুকোৱা নাম দিছিলে আৰু তেতিয়াই মোক সকলোৱে “খুৰা” নাম দিলে।
নাজানো কিয় দিলে নামটো; কিন্তু এতিয়াও এই নামটোৰেই মোক বহুকেইজন জনপ্ৰিয় অসমীয়া শিল্পীয়ে মাতে। “খুৰা” বুলিলেই প্ৰাঞ্জল পৰশলৈ মনত পৰে মানে।

প্ৰশ্নঃ আপুনি বলীউডত যদি কন্ঠদান কৰিবলৈ সুবিধা লাভ কৰে তেন্তে কোন গৰাকী কন্ঠশিল্পীৰ সৈতে আপোনাৰ কন্ঠদান কৰা মন??

"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 5

প্ৰাঞ্জল পৰশঃ মই বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগমৰ অনুৰাগী। মই প্ৰথমৰ পৰাই তেওঁক অনুকৰণ কৰিছো গতিকে আজিৰ তাৰিখতো তেওঁৰ প্ৰত্যেকটো গীতেই মোৰ প্ৰিয়।
তেওঁৰ লগত মই কেতিয়াবালৈ যদি এটা গীতৰ ফাঁকিও গুনগুনাব পাৰো তেতিয়াহ’লে মই নিজকে এগৰাকী কন্ঠশিল্পী হিচাপে সফল বুলি ক’ব পাৰিম।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

"প্ৰথমতে,অনিচ্ছাকৃতভাৱে সোমাই পৰিছিলো সংগীত জগতত"- প্ৰাঞ্জল পৰশ 6

প্ৰাঞ্জল পৰশঃ আচ্ছা। বিহুলৈটো আৰু বেছিদিন নাই গতিকে আগন্তুক তিনিটা বিহুগীতৰ প্ৰজেক্ট মোৰ হাতত আছে। এটা বিহুগীতৰ নাম মোৰ সহধৰ্মিনীৰ নামেৰেই প্ৰস্তুত কৰা হৈছে; সেইটো হ’ল “ৰুমা”। মই যোৱা বছৰো তেওঁৰ নামেৰেই এটা বিহুগীত কৰিছিলো; “ৰুমা তোলৈ লিখা চিঠিখন” বুলি।
লগতে, “গংগাধৰেই শক্তিমান” বুলি থকা কনচেপ্টটোক লগত লৈ মোৰ এটি ব্যক্তিক্ৰমী গীত “গংগাধৰ” দৰ্শকৰ মাজলৈ আহি আছে আৰু এটা বিহু গীত “চাইলেন্ট বিহু” নামৰ সৈতেও মই লাগি আছো।

…… ধন্যবাদ দাদা। আপোনাৰ সময়ৰ বাবে……

প্ৰাঞ্জল পৰশঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform