Rupaliparda.com
প্ৰেমৰ মধুৰ ৰসেৰে আকৌ এবাৰ দীপলিনাঃ 1

প্ৰেমৰ মধুৰ ৰসেৰে আকৌ এবাৰ দীপলিনাঃ

প্ৰেমৰ মধুৰ ৰসত ডুবিছে দীপলিনাৰ অনুৰাগী। “চুই দিয়ানা” ৰ পিছত দীপলিনা ডেকাৰ কন্ঠত মুক্তিপ্ৰাপ্ত গীত “তুমি আহিলে” ই এতিয়া সমগ্ৰ শ্ৰোতাক আকৰ্ষিত কৰিছে। আছলতে,উক্ত গীতটোক লৈ দীৰ্ঘদিনৰ পৰাই কন্ঠশিল্পী গৰাকীয়ে নিজৰ অনুৰাগীৰ মাজত উৎস্যুকতাৰ সৃষ্টি কৰি ৰাখিছিল।

প্ৰেমৰ মধুৰ ৰসেৰে আকৌ এবাৰ দীপলিনাঃ 2


যোৱাকালি মুক্তিপ্ৰাপ্ত “তুমি আহিলে” গীতটোৱে বৰ্তমান ইউটিউবত ট্ৰেণ্ডিং লিষ্টৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈ পৰিছে। গীতটি লিখিছে আশ্ৰৱিকে লগতে ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু দীপলিনাই লগতে গীতটিৰ ভিডিঅ’ পৰিচালনা তিৰাপ সীমান্ত মেধিৰ।

1 comment

Leave a Reply