Rupaliparda.com
প্ৰেম-সংঘাতৰ কাহিনীৰে ধাৰাবাহিক "নিয়ৰৰ ফুল"- 1

প্ৰেম-সংঘাতৰ কাহিনীৰে ধাৰাবাহিক “নিয়ৰৰ ফুল”-

“নুপূৰ” ধাৰাবাহিকখনৰ সফল সমাপ্তিৰ পিছত এইবাৰ সুব্ৰতৰ অভিনয়েৰে আহি আছে আন এখন ধাৰাবাহিক “নিয়ৰৰ ফুল”। ইতিমধ্যে ধাৰাবাহিকখনৰ পোষ্টাৰৰ লগতে ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে। ৰেঙণি চেনেলযোগে প্ৰচাৰ হ’বলগীয়া এই ধাৰাবাহিক খন চলিত মাহৰ ১৬ তাৰিখৰ পৰা প্ৰতিটো সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰচাৰ কৰা হ’ব।

https://www.instagram.com/p/B564XrGnhL2/?utm_source=ig_web_copy_link


সুব্ৰতৰ লগতে ধাৰাবাহিকখনত অভিনয় কৰিছে প্ৰিয়ম পল্লৱী, শশাংক সমীৰ, মলয়া গোস্বামীকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। ধাৰাবাহিক খনত বিজনেছ মেন লুক এৰি মূৰত তিলক লগাই খোলা চাৰ্টৰ বুটামৰ সৈতে এটা নিউ লুকত দেখিবলৈ পোৱা যাব অভিনেতা সুব্ৰতক। পংকজ গগৈৰ পৰিচালনাৰে নিৰ্মিত ধাৰাবাহিক “নিয়ৰৰ ফুল” প্ৰেম-বিশ্বাসঘাতকতা আদি কাহিনীৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে।

Add comment

Most popular

Recent posts

Your Header Sidebar area is currently empty. Hurry up and add some widgets.