ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ কেইটামান জনপ্ৰিয় প্ৰডাকচন হাউচৰ ভিতৰতেই অন্যতম প্ৰডাকচন হাউচটো হৈছে “Yash Raj Films” ৰ। এই প্ৰডাকচন হাউচটোৰ বেনাৰত কিছুদিন পূৰ্বে অসম জীয়ৰী ঋতৃষা শৰ্মাই লাভ কৰিছিল এটি গীতত কন্ঠদান কৰাৰ সুবিধা।


বৰ্তমানলৈ লাখ লাখ শ্ৰোতাক নিজ কন্ঠৰ যাদুৰে অনুৰাগী কৰা ঋতৃষা শৰ্মাই বলীউডৰ জনপ্ৰিয় ছবি “ব্লেক” ত সংযোজিত “হা মেইনে চুকৰ দেখা হে” শীৰ্ষক গীতটিৰ “ৰিপ্ৰাইজ” সংস্কৰণটোত কন্ঠদান কৰিছিল। উক্ত গীতটিৰে আকৌ এতিয়া মুক্তি দিয়া হ’ব “লিৰিকেল ভিডিঅ”।

কেৰিয়াৰৰ আৰম্ভণিতে “ব্লেক” ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কম্পোজাৰ মন্টি শৰ্মাৰ লগতে “Yash Raj Films” ৰ প্ৰডাকচন হাউচত কাম কৰাৰ সুবিধা লাভ কৰি সুখী হৈ পৰিছে কন্ঠশিল্পী ঋতৃষা শৰ্মা।
Add comment