Rupaliparda.com
সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 1

সুবাসনাৰ “মইনাকণ বাখৰ” ৰ “Behind The Scene”-

অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল লোৱা নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াযোগে কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহৰ আগজাননী দি দৰ্শকক যথেষ্ট আকৰ্ষণ কৰি ৰাখে।

সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 2
সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 3
সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 4


তেওঁৰ আগন্তুক গীত “মইনাকণ বাখৰ”-ৰ বিভিন্ন পোষ্ট দিয়াৰ লগতে তেওঁৰ এইবাৰ গীতটিৰ আঁৰৰ কিছু দৃশ্যও ভিডিঅ’ আকাৰে দৰ্শকক দি গীতটিৰ প্ৰতি উৎসাহিত কৰি ৰাখিছে। চিন্ময় কৌশিক আৰু জয় নিৰ্ভানৰ কথাৰে তথা পলাশ গগৈৰ সংগীতেৰে আহিবলগীয়া এই গীতটোত অভিনয় কৰিছে উৎপল দাস, প্ৰিয়ম পল্লৱী, সুনীতা কৌশিক আৰু অনন্যা কাশ্যপে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform