Rupaliparda.com
আইদেউৰ সংগ্ৰাম-কাহিনী "আইদেউ-Behind the Screen"- 1

আইদেউৰ সংগ্ৰাম-কাহিনী “আইদেউ-Behind the Screen”-

আইদেউৰ জীৱন কাহিনীৰে ২০০৭ চনত মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি “আইদেউ- Behind the Screen”। অৰূপ মান্নাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে ৫৪তম ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰৰ “শ্ৰেষ্ঠ অসমীয়া ছবি” ৰ খিতাপ লাভ কৰে।

আইদেউৰ সংগ্ৰাম-কাহিনী "আইদেউ-Behind the Screen"- 2


ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য আইদেউ সন্দিকৈয়ে নিজে লিখাৰ লগতে তেওঁৰ সৈতে লগ দিছিল পৰিচালক অৰূপ মান্নাই। “জয়মতী” ছবিখনত আইদেউয়ে ৰূপায়ন কৰা মূখ্য ভূমিকাটোৰ পিছত তেওঁক কেনেদৰে নিজৰ গাওঁবাসীয়ে একাষৰীয়া কৰিছিল তাকেই দেখুওৱা হৈছে এই ছবিখনত।

আইদেউৰ সংগ্ৰাম-কাহিনী "আইদেউ-Behind the Screen"- 3


৮১ মিনিটৰ উক্ত ছবিখনত অভিনয় কৰিছে আইদেউ সন্দিকৈ,চন্দনা শৰ্মা,প্ৰশান্ত কুমাৰ দাস, দুলন বৰা, নবামিকা বৰঠাকুৰ, সপোনটি বৰদলৈ আৰু পিঠুৰাজ গোস্বামীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform