Rupaliparda.com
স্মৃতিৰ টোপোলাৰ পৰাঃ"বিধৱা" ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি "অদাহ্য"- 1

স্মৃতিৰ টোপোলাৰ পৰাঃ”বিধৱা” ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি “অদাহ্য”-

ইন্দিৰা গোস্বামীৰ জনপ্ৰিয় উপন্যাস “দঁতাল হাতীৰ উয়ে খোৱা হাওঁদা” ৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত ছবি “অদাহ্য” ই ১৯৯৬ চনত সান্তনা বৰদলৈৰ পৰিচালনাত মুক্তি লাভ কৰিছিল।

স্মৃতিৰ টোপোলাৰ পৰাঃ"বিধৱা" ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি "অদাহ্য"- 2


৯৩ মিনিট দৈৰ্ঘ্যৰ ছবিখনত ১৯৪০ দশকৰ অসমীয়া সমাজৰ পৰিস্থিতিৰ এক সুক্ষ্ম আভাষ দিয়া হৈছিল। তিনি গৰাকী বিধৱাৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন। সেইটো সময়ৰ কঠোৰ নীতি-নিয়ম, সমাজ ব্যৱস্থা আদিৰ মাজত এই তিনিগৰাকী বিধৱাই কেনেদৰে দূৰ্ৱিসহ জীৱন নিৰ্বাহ কৰিছিল তাকেই দেখুওৱা হৈছে “অদাহ্য” ত।

স্মৃতিৰ টোপোলাৰ পৰাঃ"বিধৱা" ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি "অদাহ্য"- 3


ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বিচাৰকৰ বিশেষ বঁটাও লাভ কৰে। ছবিখনত অভিনয় কৰে টম আল্টাৰ, তৃষা শইকীয়া, বিষ্ণু খাৰঘৰীয়া, ত্ৰিৱেনী বৰা, ভগীৰথী, চেতনা দাস, ইন্দিৰা দাস, মিন্টু বৰুৱা আৰু নীল চক্ৰৱৰ্তীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.