বলীউডৰ জনপ্ৰিয় অভিনেতা অনীল কাপুৰে আজি উদযাপন কৰিছে তেওঁৰ ৬৩ সংখ্যক জন্মদিন। বয়সতকৈ অধিক সৰু যেন লগা এই গৰাকী অভিনেতাই অভিনয়ৰ লগতে তেওঁৰ এইটো সময়ত থকা লুকৰ বাবে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি ৰাখিছে। জন্মদিনৰ আগভাগত অভিনেতা গৰাকীয়ে পৰিয়াল তথা বন্ধু-বৰ্গৰ সৈতে লগ হৈ নিজ জন্মদিন উদযাপন কৰে।

অভিনেতা গৰাকীয়ে কৰা পাৰ্টীৰ বিভিন্ন ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। তেওঁৰ কন্যা সোনম কাপুৰেও পিতৃৰ জন্মদিনত “হেপ্পী ২১” লিখি তেওঁক চচিয়েল মিডিয়া যোগে জন্মদিনৰ শুভকামনা জনায়।
ইয়াৰ উপৰিও, অভিনেতা অনিল কাপুৰৰ আনজনী কন্যা ৰিয়া কাপুৰ তথা অভিনেতা গৰাকীৰ পত্নী সুনীতা কাপুৰে স্বামীক লৈ চচিয়েল মিডিয়া যোগে সুন্দৰ এটি পোষ্টেৰে জন্মদিনৰ শুভকামনা জনায়।
Add comment