Rupaliparda.com
টাইগাৰ-শ্ৰদ্ধা আৰু দিশাৰ নতুন যুঁটিঃ 1

টাইগাৰ-শ্ৰদ্ধা আৰু দিশাৰ নতুন যুঁটিঃ

বলীউড ছবি “বাঘী” ৰ প্ৰথম আৰু দ্বিতীয়টো সংস্কৰণৰ সফল মুক্তিৰ পিছত আকৌ এবাৰ ছবিখনৰ নিৰ্মাণকাৰীয়ে দৰ্শকৰ মাজলৈ লৈ আনিছে “বাঘী” ছবিখনৰ তৃতীয়টো সংস্কৰণ অৰ্থাৎ “বাঘী ৩”। ছবিখনৰ সৈতে জড়িত বিভিন্ন ফটো অথবা ভিডিঅ’ প্ৰায়ে চচিয়েল মিডিয়াত দি থকা হয় যাতে দৰ্শক ছবিখনৰ প্ৰতি আৰু অধিক উৎসাহী হৈ পৰে।

টাইগাৰ-শ্ৰদ্ধা আৰু দিশাৰ নতুন যুঁটিঃ 2
টাইগাৰ-শ্ৰদ্ধা আৰু দিশাৰ নতুন যুঁটিঃ 3


ছবিখনক উদ্দেশ্যি পুনৰ এক নতুন খবৰ আহিছে দৰ্শকৰ মাজলৈ। “বাঘী ৩” ত শ্ৰদ্ধা কাপুৰৰ সৈতে এইবাৰ একেলগে দেখিবলৈ পোৱা যাব দিশা পাটানীকো। ছবিখনত টাইগাৰ, শ্ৰদ্ধা আৰু দিশাৰ বাহিৰে ৰিতেশ দেশমুখকো দেখিবলৈ পোৱা যাব এক গুৰুত্বপূৰ্ণ চৰিত্ৰত।

https://twitter.com/NGEMovies/status/1209074715001835520


ছবিখনৰ নিৰ্মাতা সকলে অভিনেত্ৰী দিশাক উদ্দেশ্য আপলোড কৰা ভিডিঅ’ ৰ দ্বাৰা “বাঘী ৩” ত দিশা থকাটো স্পষ্ট হৈ পৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.