বলীউডৰ জনপ্ৰিয় পৰিচালক ৰোহিট ছেট্টীয়ে এই ক্ষেত্ৰখনত কেইবাখনো ছবি উপহাৰস্বৰূপ দিছে। ছবিসমূহৰ ভিতৰত গোলমাল চিৰিজকে ধৰি সিংঘম চিৰিজ আৰু চেন্নাই এক্সপ্ৰেছ আদি ছবি অন্তৰ্ভূক্ত হৈ আছে। কিন্তু, ৰোহিট ছেট্টীৰ এক কমেন্টে বৰ্তমান খলকনি লগাইছে চচিয়েল মিডিয়াত।


নেহা ধূপিয়াৰ এক অনুষ্ঠানত ৰোহিট ছেট্টীয়ে বলীউডৰ এৱাৰ্ড ফাংছন সমূহ মিছলীয়া আখ্যা দিয়াৰ লগতে তেওঁ কয় যে, “মই এৱাৰ্ড শ্ব’ সমূহত তেতিয়াহে উপস্থিত হওঁ; যেতিয়া মোক এই শ্ব’টোত হোষ্ট কৰিবলৈ মাতে আৰু টকা দিয়ে; অথবা তেতিয়াহে যাওঁ যেতিয়া মোৰ ছবিয়ে বঁটা লাভ কৰে। নহ’লে এই এৱাৰ্ড ফাঞ্চনবোৰ মিছলীয়া হয়; কেৱলমাত্ৰ এটা টিভি শ্ব’ দৰে।”
Add comment